নিউজ ডেস্কঃ
প্রথমতে আম্পায়াৰৰ সৈতে তর্কাতর্কি। তাৰ পিছত খঙৰ জোৰত ষ্টাম্পতেই লাথি মাৰিলে বাংলাদেশৰ অলৰাউণ্ডাৰ চাকিব উল হাচানৰ। ঘটনাটি ঘটিছে ঢাকা প্রিমিয়াৰ ডিভিজন টি–২০ ক্রিকেট লিগত। এলবিডব্লিউৰ আবেদন কৰিছিল চাকিবে। আম্পায়াৰে আউট নিদিয়াতেই এই কাণ্ড ঘটায় চাকিবে।
খেলখন হৈছিল ঢাকা মহমেডান স্পর্টিং ক্লাব আৰু আবাহনী লিমিটেডৰ মাজত।
চাকিবে খেলিছিল মহমেডানৰ হৈ। বিপক্ষ দলৰ বেটছমেন মুচফিকুৰে তেতিয়া বেট ধৰি আছিল। বল হাতত আছিল চাকিবৰ। এটি এলবিডব্লিউৰ আবেদনত আম্পায়াৰে সঁহাৰি নিদিয়াতেই তর্কত নামে চাকিব। ইয়াৰ পিছত ষ্টাম্পত লাথি মাৰে তেওঁ। বৰষুণৰ বাবে খেলা বন্ধৰ সময়ত চাকিবে আকৌ খঙত ষ্টাম্প উভালি পেলায়। তেতিয়াও ষষ্ঠ ওভাৰৰ এটি বল বাকী আছিল।
অধিনায়ক চাকিবৰ ২৭ বলত ৩৭ ৰানৰ সৌজন্যত প্রথমে বেটিং কৰি মহমেডানে সমগ্ৰহ কৰে ১৪৫/৬। উত্তৰত ৫.৫ ওভাৰত আবাহনীয়ে ৩১/৩ সংগ্ৰহ কৰাৰ পিছতেই বৰষুণৰ বাবে খেলা বন্ধ হয়। বৰ্তমান সকলোৰে শিৰোনামত চাকিবৰ কাণ্ড। ঘটনাৰ ভিডিও ভাইৰেল হৈ পৰিছে। এতিয়া এইটো লক্ষণীয় হ’ব যে বাংলাদেশ ক্রিকেট বোর্ডে চাকিবৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰেনে নাই।