নিউজ ডেস্কঃ
৫ জুন আছিল বিশ্ব পৰিবেশ দিৱস। শিশুৰ পৰা বৃদ্ধ, ভাৰতৰ পৰা ভূটান— বিশ্বৰ সকলো স্থানতে সকলোৱে উক্ত দিনটোত এজোপা হ’লেও গছ ৰুবলৈ চেষ্টা কৰে। কেৰালাৰ কেইজনমান যুৱকেও তাকেই কৰিলে। কিন্তু ৰোপণ কৰিবলৈ অন্য গছ নাপালে৷ তেওঁলোকে ৰোপণ কৰিলে গাঞ্জাৰ গছ। তাকে দেখি হাঁহিৰ ৰোল উঠিল ছচিয়েল মিডিয়াত। কেৰালাৰ কোল্লামৰ কাণ্ডামচিৰা অঞ্চলত ঘটিছে এই কাণ্ড।
৫ জুনত বহু কেইজোপা গাঞ্জাৰ গছ ৰোপণ কৰে কেইবাজনেও মিলি। স্থানীয় লোকসকলৰ মতে, তিনিজন যুৱকেই মিলি এই কাম কৰিছিল। ইয়াৰ নেতৃত্ব যিয়ে দিছিল, তেওঁ নিচাসক্ত বুলি অনুমান স্থানীয় লোকসকলৰ। তেওঁলোকে আবকাৰী বিভাগক খবৰ দিয়ে। পিছত আবকাৰীৰ লোক আহি চিনাক্ত কৰে যে উক্ত গছবোৰ গাঞ্জাৰে। তাৰ পিছতেই উভালি পেলোৱা হয় সকলো গছ। সেই ভিডিও এতিয়া ভাইৰেল।
অৱশ্যে যিসকলে ইয়াৰ ৰোপণ কৰিছিল, তেওঁলোকৰ সন্ধান লাভ কৰা হোৱা নাই। বৃহৎ অঞ্চলজুৰি ৰোপণ কৰা হৈছিল এই গছ।