ছাইদুল ইছলাম,
ডিফুঃ
কাৰবি আংলং জিলাৰ ডকমকাত আজি শোকাৱহ পথ দূৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহীৰ থিতাতে নিহত হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱাৰ ভাগত উত্তৰ বৰবিলৰ সুজিত দেৱনাথ উত্তৰ বৰবিলৰ পৰা নিজৰ এএছ ০১ ই এইছ ৮৯৪১ মাৰুতি প্ৰেছ’ গাড়ীখনলৈ ডকমকা অভিমুখে আহি থকা অৱস্থাত একে দিশে গৈ থকা এএছ ০৯/এইছ নম্বৰৰ মটৰ চাইকেল চালক মদনছিং ৰংফাৰ(৪৫) ক ডকমকা থং নকবে মহাবিদ্যালয়ৰ সন্মূখত পিছফালৰ পৰা খুন্দিয়াই গুৰুতৰ জখম কৰে ৷
ফলত ডকমকাৰ লুনচে তিমুঙ গাঁৱৰ মদনছিং ৰংফাৰে ঘটনাস্থলীতে কৰুণ মৃত্যুক মৃত্যুক সাৱটি লয় ৷ সাক্ষীগণৰ উপস্থিত মৃতদেহটোৰ চুৰৎহাল কৰা হয় বুলি জানিব পৰা গৈছে ৷