নলবাৰীঃ
নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ১২ জুনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশ্ৰুত সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে অসম সাহিত্য সভাৰ তিনিচুকীয়া অধিবেশনৰ সভাপতি পদ্মধৰ চলিহাক স্মৰণ কৰা হয়।
এই উদ্দেশ্যে নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনৰ নন্দন তাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত আয়োজিত অনুষ্ঠানৰ অংশ হিচাপে ডঃ লক্ষ্মীনন্দন বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই বন্তি প্ৰজ্বলন কৰে।
এই অনুষ্ঠানৰ পাছত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ পৌৰোহিত্যত হোৱা সভাত নলবাৰী জিলা সাহিত্য সভাৰ জনগোষ্ঠীয় প্ৰকল্প উপ-সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ ৰবীন দাস আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই ডঃ লক্ষ্মীনন্দন বৰা আৰু পদ্মধৰ চলিহাৰ জীৱন কীৰ্তি বৰ্ণনাৰে স্মৰণ কৰে। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই অনুষ্ঠানৰ আঁত ধৰে।
এই অনুষ্ঠানত লেখিকা কবিতা ডেকা তালুকদাৰ, নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক শ্বাহ আলম আহমেদ, সাংগঠনিক সম্পাদক ডঃ অনুপম কলিতা আৰু জয় চন্দ্ৰ শৰ্মা, কাৰ্যালয় সম্পাদক মৃন্ময় শৰ্মা, সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক শেৱালি কাকতী, জিলা সাহিত্য সভাৰ প্ৰকাশন উপ-সমিতিৰ সদস্য ডঃ উৎপল ডেকা, সাহিত্যসেৱী নৱদীপ বৰকটকী আৰু নিধিৰাম কাকতীয়েও স্মৃতি তৰ্পণ কৰি অসম সাহিত্য সভাৰ দুয়োগৰাকী প্ৰাক্তন সভাপতিৰ সাহিত্য কৃতিৰ বিষয়ে চৰ্চাৰে পুলকিত হয়।