নিউজ ডেস্কঃ
ৰাজ্যত হ্ৰাস পাইছে ক’ৰোণা সংক্ৰমণ; সমান্তৰালকৈ অব্যাহত আছে ভেকচিনেচন কাৰ্য। সেই পৰিপ্ৰক্ষিততে, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সকললৈ জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা।
যিসকল চৰকাৰী কৰ্মচাৰীয়ে ইতিমধ্যে ভেকচিনৰ দুটাকৈ পালি গ্ৰহণ কৰিছে তেওঁলোকে অহা সোমবাৰৰ পৰা অৰ্থাৎ ১৪ জুনৰ পৰা নিজ কাৰ্যালয়ত যোগদান কৰিব। ক’ৰোণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।