নিউজ ডেস্কঃ
ভাৰতৰ নতুন ডিজিটেল আইন মানি শুক্রবাৰে নিজৰ ৰিপোর্ট প্রকাশ কৰিছিল গুগল আৰু কু এপে। ফেচবুকেও এইবাৰ একে পথ ল’লে।
ফেচবুকৰ ৰিপোর্টত দাবী কৰা হৈছে, ১৫ মে’ৰ পৰা ১৫ জুনৰ ভিতৰত আইন উলঙ্ঘনকাৰী ৩ কোটিৰো অধিক বিষয়বস্তুৰ বিৰুদ্ধে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে। সংস্থাটোৱে জনাইছে, আইন উলঙ্ঘনৰ বিষয়টিক ১০টা ভাগত ভাগ কৰা হৈছে। সেই মতে আইন উলঙ্ঘনকাৰী বিষয়বস্তুৰ বিৰুদ্ধে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে।
আনহাতে, ফেচবুকৰ উপৰি ইনস্টাগ্রামেও তেওঁলোকৰ ৰিপোর্ট প্রকাশ কৰিছে। আইন উলঙ্ঘনকাৰী এনে ২০ লাখ বিষয়বস্তুৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে বুলি দাবী ইনস্টাগ্রামৰ।