সটাফ ৰিপৰ্টাৰ
ডিফু:
আজি পুৱা প্ৰায় ৭ মান বজাত জয়ন্তী মুণ্ডা নামৰ এগৰাকী মহিলাক তেওঁৰ স্বামী লখন মুণ্ডাই দাৰে ঘপিয়াই হত্যা কৰে৷ ঘটনাটি সংঘটিত হয় কাৰ্বিআংলং জিলাৰ বকলীয়া আৰক্ষী থানাৰ অন্তৰ্গত গৌৰবস্তি লাৰডাঙত৷ বিশেষ সূত্ৰৰ ভিত্তিত বকলীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে স্থানীয় ৰাইজৰ সহযোগত হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰ কৰে৷
সূত্ৰ মতে, জয়ন্তী মুণ্ডাক স্বামী লখন মুণ্ডাই নিজ ঘৰতে দাৰে ডিঙিত ঘপিয়াই হত্যা কৰে৷ ইয়াৰ পিছত লখন মুণ্ডা ঘৰৰ পৰা পলাই যায় যদিও আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত অভিযান চলাই হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷