নিউজ ডেস্কঃ
এখন সম্পূৰ্ণ চিনেমা আপোনাৰ মোবাইলত ডাউনলোড হ’বলৈ কিমান সময় লাগে? ১০ মিনিট? ৫ মিনিট? ১ মিনিট? ফোনৰ নেটৱর্কৰ গতি বা ৱাইফাইৰ গতিৰ ওপৰত নির্ভৰ কৰে কিমান গতিত চিনেমা ডাউনলোড হৈছে মোবাইলত। কিন্তু সেই বুলি এখন দুখন নহয়, একেবাৰে ৫৭ হাজাৰ চিনেমা এক ছেকেণ্ডত!
এয়াই হৈছে জাপানৰ ‘নেচনেল ইনষ্টিটিউট অব ইনফৰমেচন এণ্ড কমিউনিকেচনছ টেকনোলজি’ত। ইণ্টাৰনেটৰ গতিত নতুন বিশ্বৰেকর্ড গঢ়িছে এই প্রতিষ্ঠানে। তাৰ পৰিমাপ ৩১৯ টিবিপিএছ। মানে, প্রতি ছেকেণ্ডত ৩১৯ টেৰাবাইট। ইয়াৰ আগতে লণ্ডনৰ ইউনিভাৰ্ছিটি কলেজৰ ৰেকর্ড আছিল এই বিষয় ১৭৮ টিবিপিএছ। দুগুণ গতি তুলি সেই ৰেকর্ড ভাঙিলে জাপানৰ প্রতিষ্ঠানখনে।
গড় হিচাবত কৰিলে দেখা গৈছে, নেটফ্লিক্সৰ ঘৰত যিমান চিনেমা আছে, তাৰ সম্পূৰ্ণখিনি ডাউনলোড কৰিবলৈ সময় লাগিব এক ছেকেণ্ডৰো কম সময়।
৩১৯ টেৰাবাইট মানে ঠিক কিমান? ১০২৪ মেগাবাইটত হয় ১ গিগাবাইট। ওটিটি মাধ্যমত থকা যিকোনো চিনেমাৰ আয়তন সাধাৰণতে ১ গিগাবাইটৰ কিছু বেছি হয়। তাত ১০০০ গিগাবাইটত হয় ১ টেৰাবাইট। জাপানৰ এই প্রতিষ্ঠানত ইণ্টাৰনেটৰ গতি প্রতি ছেকেণ্ডত উপনীত হৈছিল ৩১৯ টেৰাবাইটত। উক্ত হিচাবত ওটিটি মাধ্যমৰ পৰা তিনি লক্ষ ছবি ১ ছেকেণ্ডত ডাউনলোড কৰিব পৰা যাব। আৰু সম্পূৰ্ণ হাই ৰিজোলিউচন সংস্কৰণ হ’লে সেই সংখ্যা কমি হ’ব ছেকেণ্ডত ৫৭ হাজাৰ।
অৱশ্যে তাঁৰৰ মাধ্যমেৰে অহা ইণ্টাৰনেটৰ গতি মোবাইল নেটৱর্কতকৈ বহু বেছে। মোবাইলত সর্বাধিক ইণ্টাৰনেটৰ গতি এই পর্যন্ত প্রতি ছেকেণ্ডত ১০০ মেগাবাইট। দক্ষিণ কোৰিয়াত ২০২০ চনত এই ৰেকর্ড সৃষ্টি হয়।
ইয়াৰ উপৰি ভাৰতৰ ইণ্টাৰনেটৰ গতি অৱশ্যে মুঠেই এক আশাব্যঞ্জক নহয়। তাঁৰৰ মাধ্যমেৰে অহা পৰিসেৱাত ডাউনলোডৰ সর্বাধিক গতি প্রতি ছেকেণ্ডত ৩৮.১৯ মেগাবাইট। তাত মোবাইল পৰিসেৱা প্রতি ছেকেণ্ডত মাত্র ১২.১৬ মেগাবাইট।