নিউজ ডেস্কঃ
ক’ৰনাৰ পৰিস্থিতিৰ বাবে বিশেষ মূল্যায়ন পদ্ধতিৰে ছেৱাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল।সৰ্বকালৰ উৰ্ত্তীণ অভিলেখ ভংগ কৰিলে এইবাৰ ফলাফলে।৯৩.১০ শতাংশ উৰ্ত্তীণ মেট্ৰিকত বিপৰীতে হাইমাদ্ৰাছাত উৰ্ত্তীণ হাৰ ৯৩.১৮ শতাংশ।
গুৰুত্বপূৰ্ণ কথা ফলাফলক লৈ পূৰ্ব দৰে উৎসাহ নাই ৰাজ্যবাসী মাজত ।শীর্ষ ১০টা স্থান নাই ফলাফলত।
আনহাতে, ঘোষিত ফলাফলক লৈ যিসকল ছাত্ৰ-ছাত্ৰীৰ সন্তুষ্ট নহয় তেওঁলোকে বহিব পাৰিব বিশেষ পৰীক্ষাত।তাৰ বাবে ৫ আগষ্টৰ পৰা পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আৱেদন।
ক’ৰনাৰ পৰিৱেশ স্বাভাৱিক হলেই পৰীক্ষা অনুষ্ঠিত কৰিব ছেৱা তথা শিক্ষা বিভাগে।৬টা বিষয়তে শিক্ষা বিভাগে অনুষ্ঠিত কৰিব পৰীক্ষা।