নিউজ ডেস্কঃ
এস্ট্রাজেনেকা আৰু ফাইজাৰ কোম্পানীৰ টীকা ল’লে মানুহ চিম্পাঞ্জীলৈ ৰূপান্তৰিত হ’ব বুলি গুজৱ বিয়পোৱা ৩০০ একাউণ্ট নিষিদ্ধ কৰিলে ফেচবুকে। তদন্ত কৰি ফেচবুকে জানিব পাৰিছে যে এই একাউন্টবোৰ এক ৰাছিয়ান কোম্পানীৰ সৈতে জড়িত যাৰ কাম ভুৱা তথ্য বিয়পোৱা। মূলত ভাৰত, লেটিন আমেৰিকা আৰু আমেৰিকাৰ লোকসকলক লক্ষ্য কৰি ভুৱা তথ্য বিয়পাইছিল এই কোম্পানীটোৱে।
জানিব পৰা মতে, প্রথম অৱস্থাত মিম আৰু কমেন্ট শ্বেয়াৰ কৰা আৰম্ভ কৰাৰ পিছত ২০২০ চনৰ নৱেম্বৰৰ পৰা ডিচেম্বৰত হঠাৎ দাবী কৰে এস্ট্রাজেনেকাৰ টীকাই মানুহক চিম্পাঞ্জীলৈ পৰিৱৰ্তন কৰিব। ইয়াৰ পিছত পাঁচ মাহমান লোকচক্ষুৰ আঁৰত থকাৰ পিছত ২০২১ৰ মে’ মাহত পুনৰ এস্ট্রাজেনেকা আৰু ফাইজাৰ কোম্পানীৰ টীকাৰ নিৰাপত্তা সন্দৰ্ভত প্রশ্ন তোলে। তাৰ লগতে এস্ট্রাজেনেকাৰ এটি হেক কৰা তথ্য পোষ্ট কৰে, যাতে বিশ্বাসযোগ্যতা বাঢ়ে।
ফেচবুকৰ ইনফর্মেচন অপাৰেচন থ্রেট ইন্টেলিজেন্সৰ প্রধান বেন নিম্মোই জনাইছে যে তেওঁলোকে ৬৫টা ফেচবুক আৰু ২৪৩টা ইনস্টাগ্রাম একাউন্ট মচি পেলাইছে যিয়ে তেওঁলোকৰ বৈদেশিক দখল সংক্রান্তীয় আইন উলঙ্ঘন কৰিছে। ৰাছিয়ান ভুৱা তথ্য প্রচাৰক কোম্পানীটোৱে কেৱল ফেচবুক আৰু ইনস্টাগ্রামতেই নহয়, ৰেডিট, চেঞ্জ, মিডিয়াম, মেডাপ্লাই নামৰ একাধিক ছচিল ছাইটত এই কুকীর্তি কৰিছে। তেওঁলোকৰ দাবী আছিল, ‘এস্ট্রাজেনেকাই চিম্পাঞ্জীৰ জিনৰ পৰা টীকা বনাইছে। এই টীকা নিষিদ্ধ কৰা উচিত, নহ’লে আমি সকলোৱেই চিম্পাঞ্জী হৈ যাম ।’