নিউজ ডেস্কঃ
যিমানেই প্রতিশ্রুতি নিদিয়ক, যিমানেই নকওক কিয় আধুনিক হোৱা বুলি, যুগৰ সৈতে সলনি হোৱা বুলি; তালিবান তালিবানেই হৈ আছে। তাৰ প্ৰমাণ পোৱা গৈছে হাতে হাতে৷ আফগান সেনাৰ কটা মুণ্ড লৈ চলিছে তালিবানৰ বিজয়োল্লাস। জয়ধ্বনি দিয়া হৈছে তালিবান চৰকাৰৰ প্রধান আখুন্দজাদাৰ নামত।
৩৬ ছেকেণ্ডৰ এটি ভিডিও দেখি শিয়ৰি উঠিছে সমগ্ৰ বিশ্ব। তালিবানৰ নিজস্ব শ্বাটৰুমত ভিডিওটি পোষ্ট কৰা হৈছিল এসপ্তাহ পূৰ্বে। তাৰ পৰাই লাভ কৰিছে ৱাশ্বিংটন একজামিনাৰে।
ভিডিওটোত দেখা গৈছে, এজন আফগান সেনাৰ মৃতদেহ বালিত পৰি আছে। তেওঁৰ মূৰটো কাটি বুকুৰ ওপৰত ৰখা হৈছে। শৰীৰত মার্কিন সেনাই আফগান সেনাক দিয়া পোছাক। মৃতকক ঘেৰি ধৰি আছে ছয়জন তালিবানে। ভিডিওটো তুলিছে সপ্তমজনে।
পাঁচ তালিবানৰ হাতত আছে ৰাইফল। ষষ্ঠজনৰ এখন হাতত দুখন ৰক্তাক্ত ছুৰী। তাৰ পিছত তালিবানসকলে পশতু ভাষাত কৈছে, ‘মুজাহিদিন’। আৰবীত যাৰ অৰ্থ গেৰিলা যোদ্ধা। তাৰ পিছত সমস্বৰে চিঞৰিছে, ‘ঈশ্বৰ মহান। মোল্লা হায়বাৎ উল্লা আখুন্দজাদা দীর্ঘজীৱী হওক।’
অৱশ্যে ভিডিওটি কেতিয়া তোলা হৈছে সেয়া জানিব পৰা হোৱা নাই।