নিউজ ডেস্কঃ
উত্তৰ দিল্লীৰ পাচলিৰ মাণ্ডিত ভাঙি পৰিল তিনি মহলীয়া ঘৰ। নিমিষতে ভগ্নস্তূপত পৰিণত হ’ল পুৰণি ঘৰটো। ৰাস্তাৰে তেতিয়া গৈ আছিল দুটি শিশু। ভগ্নস্তূপৰ তলত চেপা খায় শিশু দুটি। দুয়োটি শিশুৰেই মৃত্যু হৈছে। আৰু এগৰাকী বৃদ্ধাক উদ্ধাৰ কৰি হস্পিটেলত ভর্তি কৰোৱা হৈছে। তেওঁৰ অৱস্থাও সংকটজনক।
ঘৰটোত বিগত তিনি–চাৰি দিন ধৰি মেৰামতিৰ কাম চলছিল। ঠিকাদাৰে জনোৱা মতে, ভগ্নস্তূপত আবদ্ধ হৈ পৰে তিনিজন নির্মাণকর্মীও। মেৰামতিৰ কাম চলি থকাৰ সময়ত ঘৰৰ তলত এখন দোকান চলি আছিল। দোকানখনৰ মালিকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে দিল্লী আৰক্ষীয়ে।
প্রত্যক্ষদর্শীয়ে জনোৱা মতে, সোমবাৰে পুৱা ১১.৫০ বজাত ঘৰটো ভাঙি পৰে। ওচৰৰ ঘৰবোৰো কঁপি উঠে। লগে লগে সেইবোৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হয়। খবৰ পোৱা মাত্ৰে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী, পৌৰকর্মীসকল উপস্থিত হয়। ঘটনাটো দুঃখজনক বুলি শোক ব্যক্ত কৰিছে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে। তেওঁ নিজে উদ্ধাৰকাৰ্যৰ খবৰ লৈছে। লেফটেনেন্ট জেনেৰেল অনিল বাইজলেও টুইটাৰত শোক প্রকাশ কৰিছে।