নিউজ ডেস্কঃ
এম্বুলেন্স নাই। মাতিলেও সঁহাৰি নাই। ৰাস্তাৰ অৱস্থাও তথৈবচ। অগত্যা ৰোগীক খাটিয়াত উঠায়ে লৈ গ’ল পৰিয়ালৰ লোকে। সেই ছবি এতিয়া ভাইৰেল। ঘটনাটো ঝাড়খণ্ডৰ। তাকো আকৌ মুখ্যমন্ত্রীৰ নিজৰ সমষ্টি।
ঘটনাটো চাহিবগঞ্জ জিলাৰ গাড়াই দিয়াৰা গাঁৱৰ। দেওবাৰে তাত হঠাৎ অসুস্থ হৈ পৰে এগৰাকী মহিলা। পৰিয়ালে ১০৮ত ফোন কৰাৰ পিছতো এম্বুলেন্স নাহে। ইয়াৰ পিছত ৰোগীক কান্ধত উঠায়ে লৈ যায় হস্পিটেললৈ।
উল্লেখ্য, ঝাড়খণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেন বাৰহাইট বিধানসভাৰ প্ৰতিনিধি। এই বাৰহাইটতে পৰে চাহিবগঞ্জ। অৱশ্যে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই ঝাড়খণ্ড চৰকাৰে।