নিউজ ডেস্কঃ
অমিতাৰ গুণ বহুত। বহু ধৰণৰ অসুস্থতাত চিকিৎসকে ৰোগীক অমিতা খোৱাৰ পৰামৰ্শ দিয়ে। কিন্তু অমিতা খোৱাৰ বিপদো আছে। কোন কোন ক্ষেত্রত অমিতা খোৱাটো বিপজ্জনক?
• শিশুৰ বাবে নহয় : এবছৰৰ কম বয়সৰ শিশুসকলক অমিতা খুওৱাটো উচিত নহয়। ইয়াৰ ফলত তেওঁলোকৰ হজমৰ সমস্যা হ’ব পাৰে
• শ্বাসকষ্টৰ সমস্যাত : বহুতৰ ক্ষেত্রত অমিতা শ্বাসকষ্টৰ কাৰণ হৈ উঠে। কাৰণ ইয়াৰ এটি উপাদানে কাৰোবাৰ কাৰোবাৰ শৰীৰত এলার্জিৰ সৃষ্টি কৰে। সেয়ে যিসকলে শ্বাসকষ্টৰ সমস্যাত ভোগে, তেওঁলোকে অমিতা এৰাই চলা উচিত।
• ডায়েবেটিছৰ সমস্যাত : যিসকলে এই সমস্যাত ভোগে, তেওঁলোকে অমিতা এৰাই চলা উচিত। কাৰণ ইয়াৰ ফলত ৰক্তত শর্কৰাৰ মাত্রাৰ হঠাৎ পৰিবর্তন হ’ব পাৰে।
• কোষ্টকাঠিন্য থাকিলে : যিসকলৰ এই সমস্যা আছে, তেওঁলোকেও অমিতা এৰাই চলা উচিত। কাৰণ বেছিকৈ অমিতা খালে পেটত পানীৰ পৰিমাণ কমি যায়। তাত এই সমস্যা বাঢ়ে।