নিউজ ডেস্কঃ
সোমবাৰে জেনেভাত এক বৈঠকত ৰাষ্ট্ৰসংঘই কয় যে আফগানিস্তানৰ মানৱিক বিপর্যয় চম্ভালিবলৈ প্ৰায় ৬০ কোটি ডলাৰ অর্থসাহায্যৰ প্রয়োজন। সমগ্ৰ বিশ্বৰ ওচৰত দেশখন সাহায্যপ্রার্থী। ইয়াৰ উত্তৰত ভাৰতে জনাইছে যে ভাৰতে আগতেও সহায় কৰিছে আৰু এতিয়াও কৰিব।
ৰাষ্ট্রসংঘই জনাইছে যে আফগানিস্তান তালিবানৰ দখললৈ যোৱাৰ আগৰ পৰাই দেশখনৰ অর্ধেক জনসংখ্যা, প্ৰায় ১ কোটি ৮০ লক্ষ মানুহ বিশ্বৰ অর্থসাহায্যৰ ওপৰত নির্ভৰশীল আছিল। আন্তর্জাতিক সংস্থাটিৰ আশঙ্কা, এই সংখ্যা আৰু বাঢ়াব। ইয়াৰ অন্যতম অন্যতম কাৰণ দুটি হৈছে খৰাং আৰু অর্থাভাৱ।
আন্তর্জাতিক সংস্থাটোৱে জনাইছে যে যি ৬০ কোটি ৬০ লক্ষ ডলাৰ অর্থসাহায্য বিচৰা হৈছে তাৰ এক-তৃতীয়াংশ ব্যৱহাৰ কৰা হ’ব ‘ৱর্ল্ড ফুড প্রগ্ৰেম’ (ডব্লিউএফপি)ত। আগষ্ট আৰু ছেপ্টেম্বৰ মাহত ১৬০০ আফগানক লৈ যি সমীক্ষা কৰা হৈছিল, তেওঁলোকৰ ৯৩% খাদ্যাভাৱত আছে।