বৰ্তমানলৈকে দেশত কোভিড টীকাৰ ৭৫ কোটি পালি দিয়া হৈছে। এই গতিত টীকাকৰণ হ’লে ডিচেম্বৰৰ ভিতৰত ৪৩ শতাংশ নাগৰিকৰ টীকাMOকৰণ সম্পূৰ্ণ হ’ব। দেশক অভিনন্দন জনাই টুইটাৰত এই কথা প্রকাশ কৰিছে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডব্যই।
উল্লেখ্য, বিশেষজ্ঞসকলে বাৰম্বাৰ কৈ আহিছে যে কোভিড ৰোধৰ অন্যতম উপায় হ’ল টীকাকৰণ। সেয়ে দেশত টীকাকৰণৰ গতি বৃদ্ধিৰ ওপৰত জোৰ দিছে মোদী চৰকাৰে। কেন্দ্রৰ লক্ষ্য, ডিচেম্বৰৰ ভিতৰত দেশৰ ৬০ শতাংশ নাগৰিকক টীকা দিয়াটো। সে ইলক্ষ্যত উপনীত হ’ব লাগিলে দৈনিক ১ কোটি ২০ লক্ষ পালি টীকা দিব লাগিব। ডিচেম্বৰৰ ভিতৰত ২০০ কোটি পালি দিয়াৰ লক্ষ্য লোৱা হৈছে।