নিউজ ডেস্কঃ
দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত মধুটিং অঞ্চলত বৃহস্পতিবাৰে নিশা সংঘটিত পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰস্থিতিৰ সৃষ্টি হয়। মধুটিং বঙালী গাঁৱৰ অজয় লিম্বু নামে যুৱকজনৰ মৃত্যুৱে সৃষ্টি কৰিছে এই খলকনিৰ। জানিব পৰা মতে, ৰঙাগড়া গাঁৱৰ অনুপম শইকীয়াৰ এ এছ ০৬ এ চি ৬৪৭২ নম্বৰৰ ডাম্পাৰখনে ঘৰ অভিমুখী অজয় লিম্বুৰ মটৰ চাইকেলত সামান্য খুন্দা মৰাৰ ফলত কাজিয়াৰ সূত্ৰপাত হয়। এনেস্থলত ডাম্পাৰখনৰ চালকে গাড়ীসহ পলাবলৈ লওঁতেই অজয় লিম্বুক মহতিয়াই লৈ যায়। থিতাতে নিহত হয় যুৱকজন।
পৰৱৰ্তী সময়ত যুৱকজনৰ পৰিয়াল আৰু স্থানীয় লোক উত্তেজিত হৈ পৰে আৰু মালিক অনুপম শইকীয়াৰ বাসগৃহত তেওঁক বিচাৰি নাপাই বাসগৃহৰ চোতালত থকা ডাম্পাৰ-জেচিবিসহ কেইবাখনো গাড়ীৰ ক্ষতি সাধন কৰে।
প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, ঘটনাস্থলীত এখন ডাম্পাৰ ৰৈ থকা অৱস্থাত তিনিজন লোকে তৰ্কত লিপ্ত হৈছিল । ইয়াৰ পিছতেই ডাম্পাৰখন উক্ত স্থানৰ পৰা আঁতৰি যায় আৰু অজয় লিম্বুক মৃত অৱস্থাত প্ৰত্যক্ষ কৰা হয় । এই ভাষ্যৰ ভিত্তিত পৰিয়ালৰ লোকে ঘটনাটোক হত্যাকাণ্ড বুলিহে অভিযোগ কৰিছে ।
ইতিমধ্যে দুলীয়াজান আৰক্ষীয়ে ঘটনাৰ নিশায়েই দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰাৰ লগতে পলাতক চালক কমল কোঁৱৰক খোৱাং চেনিমাৰী গৃহৰ পৰা কালি আটক কৰে । ঘটনাৰ সংক্ৰান্তত মৃত যুৱকৰ পৰিয়ালৰ লোকে দুলীয়াজান থানাত এজাহাৰ দাখিল কৰাত ৪৬৪/২১ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত আটকাধীন অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ কৰে।