নিউজ ডেস্কঃ
গৰমত চাটিফুটি কৰা ২২ বছৰীয়া যুৱকজনে তৃষ্ণা নিবাৰণৰ বাবে ১০ মিনিটত খাইছিল ডেৰ লিটাৰ ঠাণ্ডা পানীয়। যাৰ ফলত মৃত্যুক সাৱটিবলগা হয় যুৱকজনে! চিকিৎসকৰ মতে, প্রচুৰ পৰিমাণে ঠাণ্ডা পানীয় খোৱাত তেওঁৰ শৰীৰত বিপুল পৰিমাণৰ গেছ সৃষ্টি হৈছিল, যাৰ বাবেই মৃত্যু হয় যুৱকজনৰ। সম্প্রতি ঘটনাটি ঘটিছে চীনত।
২২ বছৰীয়া যুৱকজনৰ নাম অৱশ্যে প্ৰকাশ কৰা হোৱা নাই। ঠাণ্ডা পানীয় খোৱাৰ কেইঘণ্টামান পিছত ভাষণ পেটৰ বিষত হস্পিটেললৈ গৈছিল তেওঁ। বেইজিঙৰ চাৱাং বস্পিটেলৰ চিকিৎসকসকলে যুৱকজনে জনাইছিল গৰমৰ পৰা ৰেহাই পাবলৈ তেওঁ ডেৰ লিটাৰ ঠাণ্ডা পানীয় খাইছে। পেটৰ ভিতৰলৈ ঠাণ্ডা পানীয় যোৱাৰ পিছত যুৱকজনৰ অন্ত্রত গেছ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। যাৰ ফলত যুৱকজনৰ যকৃতত অক্সিজেনৰ অভাৱ হৈছিল বুলি জনাইছে হস্পিটেলখনৰ গেস্ট্রোএন্ট্রোলজি বিভাগৰ চিকিৎসকসকলে।
পেটত বিষৰ লগতে হৃদস্পন্দন বাঢ়ি যায় আৰু তাৰ লগতে ৰক্তচাপ কমি গৈছিল যুৱকজনৰ। চিকিৎসকে কৰা চিটি স্কেনৰ ৰিপোর্টত গেছৰ বিষয়টো ধৰা পৰে। লগতে যুৱতজনৰ যকৃতৰ সমস্যা আছিল বুলিও চিকিৎসকে জনায়। হস্পিটেললৈ যোৱাৰ ১৮ ঘণ্টা পিছত যুৱকজনৰ মৃত্যু হয়।