নিউজ ডেস্কঃ
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে বৈঠকত মিলিত হয় সম্প্ৰতি দেশখনত ভ্ৰমণৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী। কৰোনা মহামাৰী, বাণিজ্য, জলবায়ু পৰিবর্তন আৰু কোৱাডসহ একাধিক বিষয়ত অভেল কাৰ্যালয়ত প্রায় এঘণ্টামান আলোচনা কৰে দুই ৰাষ্ট্রপ্রধানে।
বৈঠকত ৰাষ্ট্ৰপতি বাইডেনক ধন্যবাদ জনাই প্রধানমন্ত্রী মোদীয়ে কয়, ‘মোৰ আৰু মোৰ ভ্ৰমণ সঙ্গীসকলক উষ্ণ অভ্যর্থনা প্ৰদানৰ বাবে আপোনাক ধন্যবাদ জনালো। পূৰ্বতেও আমি বৈঠকত বহাৰ সুযোগ পাইছো। সেইবাৰ আপুনি (বাইডেন) ভাৰত–আমেৰিকা দ্বিপাক্ষিক সম্পর্কৰ ভিজন দাখিল কৰিছিল। আজ সেই ভিজনত আপুনি পদক্ষেপ আগবঢ়াইছে।’ প্রধানমন্ত্রীয়ে লগতে কয়, ‘আপোনাৰ নেতৃত্বত ভাৰত–আমেৰিকা সম্পর্কত নতুন বীজ ৰোপণ কৰা হৈছে। বাণিজ্যৰ ক্ষেত্রত ভাৰত–আমেৰিকা পৰস্পৰৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ।’
আনহাতে, বাইডেনে কয়, ‘নতুন অধ্যায় আৰম্ভ কৰিলো। ভাৰত–আমেৰিকা বিশ্বৰ সকলোতকৈ বৃহৎ দুই গণতন্ত্রৰ বন্ধুত্ব। বৰ্তমান প্রধান প্ৰত্যাহ্বান কৰোনা মহামাৰী। যিমানে দিন আগবাঢ়িব বন্ধুত্ব আৰু শক্তিশালী হ’ব।’