নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ২৯ হাজাৰ ৬১৬ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্ত হৈছে ৩ কোটি ৩৬ লক্ষ ২৪ হাজাৰ ৪১৯ জন। আক্রান্ত কমাৰ লগতে কমিছে দেশৰ দৈনিক মৃত্যু। বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ২৯০ জনৰ। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে কৰোনা ভাইৰাছত দেশত মুঠ মৃত্যু হৈছে ৪ লক্ষ ৪৬ হাজাৰ ৬৫৮ জনৰ।
দৈনিক সংক্রমণ কমিলেও বিগত ২৪ ঘণ্টাত দেশত সক্রিয় ৰোগীৰ সংখ্যা বাঢ়িছে ১২৮০। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ৩ লক্ষ ১ হাজাৰ ৪৪২ জন। দেশৰ ভিতৰত সকলোতকৈ বেছি আক্রান্ত হৈছে কেৰালাত। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত আক্রান্ত প্রায় ১৮ হাজাৰ। মিজোৰামৰ পৰিস্থিতি এতিয়াও নিয়ন্ত্রণৰ বাহিৰত। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত আক্রান্ত হৈছে ১ হাজাৰ ৩২২ জন।