নিউজ ডেস্কঃ
২৭ ছেপ্টেম্বৰত সংযুক্ত কিষাণ মর্চাৰ ভাৰত বন্ধলৈ সমর্থন আগবঢ়াইছে অল ইণ্ডিয়া বেঙ্ক অফিচাৰ্ছ কনফেডাৰেচনে (AlBOC)।
চৰকাৰক দিয়া নিজৰ স্মাৰকপত্ৰত সংযুক্ত কিষাণ মর্চাৰ সৈতে পুনৰায় আলোচনা আৰম্ভ কৰিবলৈ আৰু তিনিখন বিতর্কিত কৃষি আইন বাতিল কৰাৰ অনুৰোধ জনাইছে বেঙ্ক অফিচাৰ্ছ এছোচিয়েচনে ।
জনোৱা হৈছে, এআইবিওচিৰ সহযোগী সংগঠন আৰু ৰাজ্যিক গোটবোৰে সোমবাৰে সমগ্ৰ দেশত কৃষকসকলৰ প্রতিবাদী কাৰ্যসূচীক সমর্থন জনাব।
২০১৮-১৯ চনৰ এনএছএছৰ (NSS) ৰিপোর্ট উল্লেখ কৰি সংগঠনটোৱে দাবী কৰিছে, চৰকাৰে কৈছে ২০২২ৰ ভিতৰত কৃষকসকলৰ আয় দুগুণ হৈ যাব। কিন্তু ৰিপোর্টে কৈছে সেই স্বপ্ন আধৰুৱা হৈয়ে থাকিব পাৰে। ভূমি, গৃহপালিত পশুসম্পদ আৰু কৃষক পৰিয়ালৰ অৱস্থা মূল্যায়ন কৰি এই মাহৰ আৰম্ভণিতেই উক্ত ৰিপোর্ট দাখিল কৰে নেচনেল ছেম্পল ছার্ভে কাৰ্যালয়ে।
তাত কোৱা হৈছে, ২০১৩ চনত প্রতিজন কৃষক পৰিয়ালৰ গড় বকেয়া ঋণ আছিল ৪৭ হাজাৰ টকা, ২০১৮ চনত যিটো বাঢ়ি হৈছে ৭৪ হাজাৰ ১২১ টকা।
উল্লেখ্য, বহু বিৰোধী ৰাজনৈতিক দল আৰু কেন্দ্রীয় শ্রমিক সংগঠনবোৰে কৃষকসকলৰ ভাৰত বন্ধৰ আহ্বানত সমর্থন জনাইছে।
লগতে পঞ্জাবৰ মুখ্যমন্ত্রী চৰণজিৎ সিং চন্নিয়ে এই বন্ধক সমর্থন কৰিছে। বিহাৰ বিধানসভাত বিৰোধী দলৰ নেতা তেজস্বী যাদৱে ঘোষণা কৰিছে, তেওঁ দেশব্যাপী ধর্মঘটত অংশ ল’ব।
কেৰালাৰ ক্ষমতাধীন এলডিএফ জোঁটে কৃষকসকলৰ ভাৰত বন্ধত সমর্থন প্রকাশ কৰিছে। তিৰুঅনন্তপুৰমত ক্ষমতাসীন দলীয় জোঁটৰ নেতাসকলৰ বৈঠকৰ পিছত এলডিএফৰ আহ্বায়ক আৰু চিপিএমৰ ভাৰপ্রাপ্ত সচিব এ বিজয়ৰাঘৱনে এই ঘোষণা কৰে।
উল্লেখ্য, ২৭ ছেপ্টেম্বৰৰ ভাৰত বন্ধক সর্বাত্মক ৰূপ দিবলৈ ইতিমধ্যেই দেশজুৰি চলিছে প্রচাৰ। কোৱা হৈছে, কৃষক-শ্রমিকৰ স্বার্থত উক্ত দিনা ৰাস্তাত নোলাবলৈ। ৰে’ল-বাছ পৰিবহণ সকলো বন্ধ থাকিব, হাট-বজাৰ, দোকান, উদ্যোগ-কাৰখানা সকলোৱেই বন্ধ থাকিব।