নিউজ ডেস্কঃ
ক্রেনত ওলমিছে গুলীত থকাসৰকা ক্ষত-বিক্ষত অপৰাধীৰ নিথৰ দেহ। নব্বৈৰ দশকৰ পিছত পুনৰ এবাৰ গাৰ না মশিয়ৰি উটা দৃশ্য দেখা গ’ল পশ্চিম আফগানিস্তানৰ হেৰাট প্রদেশৰ মূল চহৰ এলেকাত। চহৰৰ বাহিৰৰ বিভিন্ন স্থানতো এনেদৰেই অপৰাধীসকলক গুলী কৰি ক্রেনত মৃতদেহ ওলোমাই দিছে তালিবানে। সংবাদ সংস্থাক এই কথা জনাইছে হেৰাটৰ বাসিন্দাসকলে।
হেৰাটৰ এগৰাকী বাসিন্দাই জনোৱা মতে, ‘‘এটা নহয়, এনে ধৰণৰ চাৰিটা মৃতদেহ লৈ আহিছিল। ইয়াত এটা মৃতদেহ ওলোমাই বাকী তিনিটা লৈ গৈছে। হয়তো অন্য কৰ’বাত ওলোমাই দিব। ব্যক্তিজনে কি অপৰাধ কৰিছে, মৃতদেহ ওলমোৱাৰ সময়ত মাইকেৰে সকলোকে জনাইছে তালিবানে।’’
জানিব পৰা মতে, দুজন লোকক অপহৰণ কৰিবলৈ গৈ ধৰা পৰিছিল উক্ত চাৰিজন। তাতেই তেওঁলোকক গুলীয়াই হত্যা কৰে তালিবানে।
উল্লেখ্য, সম্প্রতি তালিবানৰ অন্যতম প্রতিষ্ঠাতা মোল্লা নুৰউদ্দিন তুৰাবিয়ে জনাইছে, দ্বিতীয় পৰ্যায়ৰ ‘আধুনিক’ তালিবানী শাসনতো লঘু অপৰাধৰ শাস্তি হিচাবে অপৰাধীৰ এখন হাত বা এখন ভৰি কাটি পেলোৱাৰ ৰীতি থাকিব। নব্বৈৰ দশকত আফগানিস্তানত হত্যাৰ অপৰাধীসকলক সকলোৰে সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল। হত্যা কৰিছিল নিহত বা নিগৃহীতৰ পৰিয়ালৰ মানুহে। সকলোৰে সন্মুখতেই দোষীৰ হাত–ভৰি কাটি পেলোৱা হৈছিল।
বৃহৎ খেলপথাৰ বা ষ্টেডিয়ামৰ ভিতৰত প্রকাশ্যে হৈছিল উক্ত শাস্তি।
তালিবান নেতাগৰাকীৰ ভাষাত, ‘‘আমাৰ আইন আমি কেনেদৰে বলৱৎ কৰিব, সেই বিষয়ত অন্যই কোৱাৰ প্ৰয়োজন নাই। আমি আমাৰ আইন নিজে তৈয়াৰ কৰিব। ইছলামক অনুসৰণ কৰি আৰু কোৰানৰ ওপৰত ভিত্তি কৰিয়েই আইন তৈয়াৰ কৰিম।’’