ছাইদুল ইছলাম
ডিফুঃ
কাৰ্বি আংলং জিলাত স্থায়ী শান্তি স্থাপনৰ প্ৰতিশ্ৰুতিৰে যোৱা চাৰি ছেপ্টেম্বৰত কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু জিলাখনৰ ছটা বিদ্ৰোহী সংগঠনৰ মাজত শান্তিচুক্তি স্বাক্ষৰ কৰা হয় যদিও চুক্তিখনৰ কেতবোৰ দফাৰ বিৰোধিতাৰে পাহাৰীয়া জিলাখনত প্ৰতিবাদ অব্যাহত থকা পৰিলক্ষিত হৈছে ।
জিলাখনৰ চেন্টাৰ বজাৰত আজি কাৰ্বি ছাত্ৰ সন্থাৰ ভালেসংখ্যক কৰ্মীয়ে দুঘণ্টীয়া অৱস্থান কৰি চুক্তিখনৰ ২.৩ দফা অনুসৰি পৰিষদৰ নিৰ্বাচনত দহখন আসন সকলোৰে বাবে মুকলি কৰি ৰখা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন শ্ল’গান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰি চুক্তিখনৰ বিৰোধিতাৰে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।