নিউজ ডেস্কঃ
পূজাৰ আনন্দৰ মাজতে হোজাইৰ ডবকাৰ শালবাগানত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত চাঞ্চল্যকৰ ডকাইটি কাণ্ড। ১০-১৫ জনীয়া সজ্জিত ডকাইতৰ দল এটাই শাল কাটি গছ বগৰাই ২.৩০ মান বজাত এই ডকাইটি কাণ্ড সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।
সৰু-ডাঙৰ প্ৰায় ১৫ খন মান বাহনত লুটপাত চলোৱা ডকাইটৰ দলটোৰ প্ৰহাৰত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়। তেওঁলোকক ততাতৈয়াকৈ হোজাইৰ ডবকাৰ ৩০ খন বিচনাযুক্ত হাস্পাতালত ভৰ্তি কৰাই চিকিৎসা ব্যৱস্থা কৰোৱা হয়।
আনহাতে, জানিব পৰা মতে ডকাইতৰ দলটোৱে ফোন, আ-অলংকাৰ ইত্যাদি চুৰ কৰে। ইফালে খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলীত ডবকা আৰক্ষীৰ লগতে হোজাই জিলা আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ পিছত ডবকা বন বিভাগৰ সহযোগত পথৰ মাজৰ পৰা গছজোপা আৰক্ষীয়ে আঁতৰাই পথটো মুকলি কৰি দিয়ে৷ ডকাইতৰ দলটোক কৰায়ত্ত কৰিবলৈ নিশাই আৰক্ষীয়ে অভিযান চলায় যদিও বৰ্তমানলৈকে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও এজন লোকক সোধা–পোছাৰ বাবে আটক কৰিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে।