নিউজ ডেস্কঃ
সন্ত্ৰাসবাদীৰ সন্ধানত কাশ্মীৰ, উত্তৰ প্রদেশ আৰু দিল্লীৰ ওচৰ-পাজৰৰ ১৮ স্থানত যৌথ অভিযান চলালে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (এনআইএ)। মঙ্গলবাৰে জম্মু-কাশ্মীৰ আৰু চিআৰপিএফ জোৱানসকলক লৈ তেওঁলোকে অভিযান চলায়।
মঙ্গলবাৰৰ অভিযানত এনআইএৰ লক্ষ্যত আছিল লস্কৰ-ই-তৈবা, জইশ-ই-মহম্মদ, হিজবুল মুজাহিদিন, আল বদৰসহ একাধিক সন্ত্ৰাসবাদী সংগঠনৰ সদস্যসকল। এক বিবৃতিত এই তথ্য দিছে এনআইএই। কাশ্মীৰৰ ১৬টা স্থানৰ উপৰি ওচৰ-পাজৰৰ আৰু উত্তৰ প্রদেশৰ বিভিন্ন স্থানতো তালাচী চলায়।
উল্লেখ্য, বিগত পাঁচ দিনত কাশ্মীৰ উপত্যকাৰ সাতজন বাসিন্দাক সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ অভিযোগ। লস্কৰসহ একাধিক সন্ত্ৰাসবাদী সংগঠনৰ সদস্যই বাছি বাছি সংখ্যালঘুক লক্ষ্য কৰা বুলিও অভিযোগ কেন্দ্রীয় চোৰাংচোৱাৰ। ইয়াৰ পিছতেই মঙ্গলবাৰে উত্তৰ ভাৰতৰ একাধিক স্থানত অভিযানত নামে এনআইএ। সন্ত্ৰাসবাদীৰ অস্ত্র-শস্ত্রসহ ৰচদ সৰবৰাহকাৰীসকলো এনআইএৰ লক্ষ্যত আছে বুলি সূত্রৰ খবৰ।