নিউজ ডেস্কঃ
দূর্গা পূজাৰ জনসমাগমৰ লগতে জৰুৰীকালীন সেৱা বাবে সুবিধা হোৱাকৈ আজিৰে পৰা গুৱাহাটী মহানগৰীত যান-বাহন চলাচলত প্ৰশাসনৰ বিশেষ পথ নিৰ্দেশনা।মহানগৰী বহুসংখ্যক পথ আজিৰে পৰা ১৫অক্টোবৰলৈ বাহন চলাচল কৰাত নিষেধাজ্ঞা আৰোপ।
বাণিজ্যক সামগ্ৰী কঢ়িওৱা গাড়ীৰ ক্ষেত্ৰত প্ৰশাসনে বান্ধি দিছে এই নিয়মসমূহ।১৭অক্টোবৰলৈ নিশা ১০বজাৰ পৰা পুৱা ৬বজালৈ ছয় বা ততোধিক চকা যুক্ত যিকোনো সামগ্ৰী কঢ়িওৱা বাহন কামৰূপ(ম) অধীনস্থ ২৭নং ৰাষ্ট্ৰীয় ঘাই-পথেৰে চলাচল বন্ধ থাকিব।লঘু চাৰি চকা যুক্ত সামগ্ৰী কঢ়িওৱা বাহন আগন্ত ১৬ অক্টোবৰলৈ পুৱা ৪বজা পৰাৰ ৯বজালৈ পাঁচঘণ্টা বাবে গুৱাহাটী মহানগৰীৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব।
প্ৰৱেশৰ ক্ষেত্ৰত বাধা আৰোপ কৰা পথসমূহ হৈছে-ডঃ আৰ পি ক্ষেত্ৰত গণেশমন্দিৰ দিশৰ পৰা গণেশগুৰি উৰণীয়া হেতু দিশলৈ কেৱল মাত্ৰ যান-বাহন চলাচল কৰিব।
জু-ৰোড দিশৰ পৰা গণেশমন্দিৰ দিশলৈ যান-বাহন চলাচল বন্ধ।
হোলচেল মাৰ্কেটৰ দিশৰ পৰা চাৰ্ভিছ পথেৰে গণেশগুৰি দিশলৈ বাহন-চলাচল বন্ধ।
স্থানীয় বাসিন্দা বাহিৰে জয়ানগৰ চাৰিআলি পৰা বেলতলা তিনি আলি দিশলৈ গাড়ী চলাচল কৰিব নোৱাৰিব।বেলতলা তিনিআলি দিশৰ পৰা জয়ানগৰ চাৰিআলি দিশলৈ গাড়ী চলাচল কৰিব।
বেলতলা তিনিআলি দিশৰ পৰা ভেটাপাৰা চাৰিআলি অভিমুখে বিষ্ণুৰাভা পথেৰে যান-বাহন চলাচল কৰিব পাৰিব।
বেলতলা তিনিআলি পৰা বশিষ্ঠ চাৰিআলি দিশে ডঃ বি.এন শইকীয়াৰ পথত যান-বাহন চলাচল বন্ধ।
স্থানীয় বাসিন্দা বাহিৰে বশিষ্ঠ চাৰি আলি দিশ পৰা বেলতলা তিনি আলি দিশত কোনো ধৰণৰ বাহন চলাচল কৰিব নোৱাৰিব।
ফটাশিল চাৰিআলি ৰেলৱে গেট ৬,৭,৮নং আৰু সতী জয়মতী পথেৰে কুমাৰপাৰা চাৰিআলি দিশলৈ বাহন চলাচলত বাধা।
চাবিপুলৰ পৰা বিষ্ণুপুৰ আৰু ফটাশিল চাৰিআলি দিশলৈ যান বাহন চলাচল বন্ধ।
আৰ কে চৌধুৰী পথৰ পৰা কে আৰ চি পথলৈ বন্ধ থাকিব বাহন চলাচল।
বিষ্ণুপুৰ দলংৰ পৰা চাইকেল ফেক্টৰী দিশলৈ কোনো ধৰণৰ বাহন চলাচল কৰিব নোৱাৰিব।
হাৰিয়ানা ভৱনৰ পৰা কুমাৰপাৰা চাৰিআলি অভিমুখে বন্ধ থাকিব বাহন চলাচল।
মালিগাঁও চাৰিআলি পৰা পাণ্ডু দিশলৈ চলাচল বন্ধ।আদাবাৰী তিনিআলি দিশৰ পৰা পাণ্ডুপৰ্ট ৰোড হৈ মালিগাঁও চাৰিআলিৰ অভিমুখে বাহন চলাচল কৰিব পাৰিব।
অনুৰাধা পইণ্টৰ পৰা হাতীগড় চাৰিআলি দিশলৈ বাহন চলাচল বন্ধ।
বন্দনা পইণ্টৰ পৰা এছবি গলি হৈ ৰিফাইনেৰে দিশলৈ বাহন চলাচল বন্ধ।
নামনি অসমৰ পৰা অহা যাত্ৰীবাহী বাহনসমূহ আদাবাৰী বাছষ্টেণ্ডলৈহ আহিব পাৰিব।উজনি অসমৰ পৰা অহা বাছসমূহ ISBT লৈ আহিব।
লখৰা পৰা পল্টনবজাৰ নেপালী মন্দিৰ অভিমুখি বাহনসমূহ আহিব পাৰিব।একেদৰে নামমি অসমৰ দিশ পৰা অহা ASTC অধীনস্থ বাছসমূহ মাছখোৱাৰ পৰিৱৰ্তে ISBTলৈ যাব দিয়া হ’ব।
ইয়াৰ উপৰিও চিটিবাছ ক্ষেত্ৰতো বিশেষ পথৰ নিৰ্দেশনা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে।