নিউজ ডেস্কঃ
জৰুৰী ভিত্তিত শিশুসহ ১৮ বছৰীয়াসকলৰ টীকাকৰণত ব্যৱহাৰ কৰিব পৰা যাব কোভেক্সিনৰ টীকা। মঙ্গলবাৰে এই টীকাত সেউজ সঙ্কেত দিয়ে কেন্দ্রীয় চৰকাৰৰ অধীনস্থ ড্রাগ কন্ট্রোলাৰ জেনেৰেল অব ইণ্ডিয়াই (ডিচিজিআই)। সংস্থাটোৰ এক বিশেষজ্ঞ কমিটিয়ে জনোৱা মতে, দুইৰ পৰা ১৮ বছৰ বয়সীয়াসকলক কোভেক্সিনৰ টীকা দিয়া হ’ব।
ছেপ্টেম্বৰত কোভেক্সিনৰ দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ পৰীক্ষা পর্ব শেষ হোৱা বুলি জনাইছে এই টীকা প্রস্তুতকাৰী কোম্পানী হায়দৰাবাদৰ ভাৰত বায়োটেকে। চলিত মাহৰ আৰম্ভণিতে এই সংক্রান্ত ফলাফল ডিচিজিআইৰ হাতত জমা দিয়ে কোম্পানীটোৱে। যাৱতীয় ফলাফল পর্যালোচনাৰ পিছত মঙ্গলবাৰে অনুমোদন জনায় ডিচিজিআইয়ে।
অৱশ্যে কেন্দ্রৰ অনুমোদন লাভ কৰিলেও জৰুৰী ভিত্তিত ব্যৱহাৰৰ বাবে কোভেক্সিনক এতিয়াও অনুমোদন দিয়া নাই বিশ্ব স্বাস্থ্য সংস্থাই (হু)। কিন্তু ভাৰত বায়োটেক কর্তৃপক্ষৰ দাবী, কোভেক্সিনৰ পৰীক্ষা পৰ্যায়ৰ যাৱতীয় তথ্য আৰু ফলাফল বিগত ৯ জুলাইত হুৰ ওচৰলৈ পঠোৱা হৈছে। শিশুসকলৰ বাবে এই টীকা উপযুক্ত হয়নে নহয়, সেয়া পর্যালোচনা কৰিবলৈ হুৰ প্ৰায় ছয় সপ্তাহ সময় লাগিব বুলি সূত্রৰ খবৰ। অৱশ্যে জুলাইৰ শেষতেই উক্ত পর্যালোচনা প্রক্রিয়া আৰম্ভ কৰিছে হুই।