নিউজ ডেস্কঃ
নুমাই দিয়া হ’ল ‘বুর্জ খলিফা’ত লগোৱা লেজাৰ লাইট। অৱশ্যে সেয়া প্ৰকৃত বুৰ্জ খলিফাত নহয়, উক্ত আৰ্হিৰে পশ্চিম বংগত নিৰ্মাণ কৰা এটা মণ্ডপতহে। বিমান চলাচলত অসুবিধাৰ আপত্তি উঠাৰ পিছতেই উক্ত পোহৰ নিৰ্বাপনৰ সিদ্ধান্ত ল’লে শ্রীভূমি স্পর্টিং ক্লাব কর্তৃপক্ষই। যাৰ ফলত এতিয়াৰে পৰা তালৈ যোৱা দৰ্শকসকলে সেই লেজাৰ লাইটৰ আকর্ষণৰ পৰা বঞ্চিত হ’ব।
উল্লেখ্য, এই পূজাৰ উদ্যোক্তা হৈছে ৰাজ্যখনৰ অগ্নি নিৰ্বাপন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী সুজিত বসু। প্রচুৰ জনসমাগম হৈছে উক্ত ‘বুর্জ খলিফা’ চাবলৈ। বিমানবন্দৰ সূত্রৰ খবৰ, কোনো এটি স্থানত লেজাৰ লাইট থকাত বিমান চলাচলত সমস্যা হোৱা বুলি তিনিটা বিভিন্ন কোম্পানীৰ পাইলটে কলকাতাৰ এয়াৰ ট্রেফিক কন্ট্রোলত অভিযোগ জনায়। আৰক্ষীৰ উপৰি অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ পৰাও আপত্তি জনোৱা হয়। ইয়াৰ পিছতেই লাইট নুমাই দিয়া হয় বুলি ক্লাব কর্তৃপক্ষই জনাইছে।