নিউজ ডেস্কঃ
দেশৰ দৈনিক কোভিড সংক্রমণ মঙ্গলবাৰৰ তুলনাত কিছু বাঢ়িছে। বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ১৫ হাজাৰ ৮২৩ জন। মঙ্গলবাৰৰ তুলনাত বুধবাৰৰ আক্রান্ত ১০.৫ শতাংশ বেছি। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্ত হৈছে ৩ কোটি ৪০ লক্ষ ১ হাজাৰ ১৭৩ জন।
আনহাতে, বিগত ২৪ ঘণ্টাত কৰোনাত মৃত্যু হৈছে ২২৬ জনৰ। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ মৃত্যু হৈছে ৪ লক্ষ ৫১ হাজাৰ ১৮৯ জনৰ। দৈনিক আক্রান্ত নিয়ন্ত্রণলৈ অহাত দেশত কমিছে সক্রিয় ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত সেয়া কমিছে ৭ হাজাৰ ২৪৭। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ২ লক্ষ ৭ হাজাৰ ৬৫৩ জন।
দেশৰ ভিতৰত এতিয়াও সৰ্বাধিক কৰোনা আক্রান্ত ৰাজ্য হৈছে কেৰালা। কিন্তু আগৰ তুলনাত ৰাজ্যখনত দৈনিক আক্রান্তৰ সংখ্যা বহুখিনি কমিছে। বিগত কেইদিনমানত সাত-আঠ হাজাৰত আছে সংক্রমণ। মহাৰাষ্ট্রতো কমি দুই হাজাৰৰ ওচৰত আছে।