নিউজ ডেস্কঃ
হৃদৰোগত আক্রান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা ডিআইজি ৰৌনক আলি হাজৰিকাক পুনৰ তদন্তকাৰী জিম্মালৈ প্রেৰণ।সুস্থ হোৱা বাবে চিকিৎসালয়ৰ পৰাৰ যাবলৈ দিয়া হয় হাজৰিকাক।আয় বৰ্হিভূত সম্পত্তি আহৰণৰ গুৰুত্ব অভিযোগত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ হাতত গ্ৰেপ্তাৰৰ পাছতেই আৰক্ষীৰ জিম্মাতে হৃদৰোগত আক্রান্ত হৈছিল।ন্যায়ালয়ে ১০ দিনৰ তদন্তকাৰী সন্থা জিম্মালৈ প্ৰেৰণৰ প্ৰথমনিশাই হাজৰিকা জিম্মাতে অসুস্থ হৈছিল।তদাৰকী শাখাই পুনৰ নিজৰ জিম্মাত লৈ কয়-বিশেষজ্ঞ চিকিৎসকক দেখাইছো।চিকিৎসকে ৰিলিজ দিছে, সকলো নৰ্মেল আছে’।
আনহাতে ৰিলিজ দিয়া সন্দৰ্ভত জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই কয়-চিকিৎসালয়ত ভৰ্তি সময়ত সামান্য অসুস্থ আছিল।সকলো পৰীক্ষা নিৰীক্ষাত নৰ্মেল পোৱা গৈছে।চিকিৎসালয়তে সুস্থ হৈ উঠা পাছত নিৰীক্ষণত ৰখা হৈছিল কিন্তু কোনো লক্ষণ নাপালোঁ’।
উল্লেখ যে ৭অক্টোবৰত ভৰ্তি হৈছিল হাজৰিকা।ভৰ্তি কৰা সময়ত শাৰীৰিক দূৰ্বল হৈ আছিল।চিকিৎসালয়ত ৪ ঘণ্টা থাকিয়েই সুস্থ হৈছিল- শৰ্মাই লগতে কয়।