স্বাস্থ্য প্ৰতিবেদনঃ
মধুৰিআম ফলটো যেনেদৰে ঔষধি গুণ সম্পন্ন তেনেদৰে ইয়াৰ পাতো যথেষ্ট পৰিমাণে ঔষধি গুণ সম্পন্ন।
১/ মধুৰিআমৰ কুমলীয়া পাতত যথেষ্ট পৰিমাণে ভিটামিন চি, ই, ডি, আইৰণ আদি বহুতো উপাদান পোৱা যায়, যিয়ে শৰীৰৰ উপকাৰ সাধন কৰিব পাৰে।
২/ ডায়েৰীয়া হ’লে মধুৰিআমৰ কুমলীয়া পাতৰ ৰস উলিয়াই দিনত তিনি-চাৰিবাৰ খালেই ৰোগ নিৰাময় হয়।
৩/ মধুৰিআমৰ কুমলীয়া পাত চাৰি-পাঁচটাৰ চেনি নিদিয়াকৈ চাহ কৰি খালে শৰীৰৰ শক্তি বৃদ্ধি হয়, পেট ঠিকে থাকে। কিয়নো ইয়াত যথেষ্ট পৰিমাণে ভিটামিন চি পোৱা যায়।
৪/ মহিলাৰ মাহেকীয়াৰ সময়ত কিছুমানৰ বিষ হয়। তেনে বিষত মধুৰিআমৰ কুমলীয়া পাতৰ ৰস দুইবাৰমান খালে আৰাম পোৱা যায়।
৫/ মধুৰিআমৰ কুমলীয়া পাতৰ ৰস উলিয়াই কিছুদিন খালে সোনকালে তেজৰ প্লেটিলেট বাঢ়ে।
৬/ মুখৰ ভিতৰত বা জিভাত ছাল গৈ ঘা হ’লে মধুৰিআমৰ কুমলীয়া পাত কেইখিলামান চোবাই খালে উপকাৰ পোৱা যায়।
৭/ গেষ্ট্ৰিকতো মধুৰিআমৰ কুমলীয়া পাত কেইখিলামান চোবাই খালে উপকাৰ পোৱা যায়।
৮/ মধুৰিআমৰ কুমলীয়া পাতৰ নিয়মীয়াকৈ চেনি নিদিয়াকৈ চাহ কৰি খালে তেজৰ চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে।
৯/ উচ্চ ৰক্তচাপৰ বাবেও মধুৰিআমৰ কুমলীয়া পাতৰ ৰস বা চাহ অতি উপকাৰী কিন্তু ঘন ঘনকৈ খাই থাকিব লাগে।
১০/ মেলেৰিয়া, ডেংগু আদি ৰোগত মধুৰিআমৰ কুমলীয়া পাতৰ ৰস অতি উত্তম বনৌষধি।
১১/ মধুৰিআমৰ কুমলীয়া পাতৰ ৰস খালে হাৰ্ট সুস্থ ৰখাত সহায় কৰে, ওজন নিয়ন্ত্ৰণত ৰাখে।
১২ / মধুৰিআমৰ পাতত ৰোগ প্ৰতিৰোধী এন্টিঅক্সিডেন্ট পোৱা যায় যিয়ে কেঞ্চাৰ ৰোগ ৰোধ কৰিব পাৰে।
১৩ / দাঁতৰ বিষ হ’লে কেইটামান মধুৰিআমৰ কুমলীয়া পাত চোবাই মুখত লৈ কিছুসময় লৈ থাকিলে বিষ কমি যায়।
১৪ / মধুৰিআমৰ কুমলীয়া পাতৰ ৰসে হজম শক্তি বৃদ্ধি কৰে, অৰুচি ভাব দূৰ কৰে লগতে ইয়াত থকা আইৰণে শৰীৰৰ ইমিউনিটি বৃদ্ধি কৰে।
১৫ / ছাল, চুলিৰ বাবেও মধুৰিআমৰ পাত অতি উপকাৰী। ইয়াৰ কুমলীয়া পাত পিহি চুলিত নিয়মিতভাবে লগালে চুলি মজবুত হয়, সৰা বন্ধ হয় লগতে উজ্জ্বল কৰে।