নিউজ ডেস্কঃ
হস্পিটেলত ভর্তি প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙক চাবলৈ এইমছলৈ গ’ল কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মণ্ডব্য। আনহাতে, টুইট কৰি প্রাক্তন প্রধানমন্ত্রীগৰাকীৰ সুস্থতা কামনা কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও। উল্লেখ্য, বুধবাৰে হঠাৎ অসুস্থ হৈ পৰাত এইমছত ভর্তি কৰোৱা হৈছিল মনমোহনক। বৃহস্পতিবাৰে পুৱা হস্পিটেল কৰ্তৃপক্ষই জনোৱা মতে, মনমোহন সিঙৰ শাৰীৰিক অৱস্থাৰ নতুনকৈ কোনো অৱনতি হোৱা নাই। বৰ্তমান তেওঁ সুস্থিৰ।
উল্লেখ্য, জ্বৰ আৰু কিছু শাৰীৰিক দুর্বলতাৰ কাৰণে বুধবাৰে দিল্লীৰ এইমছত ভর্তি কৰোৱা হয় মনমোহন সিঙক। ৮৯ বছৰীয়া কংগ্রেছ নেতা আৰু ৰাজ্যসভাৰ সদস্য মনমোহন কিছু দিন পূৰ্বে করৰোনাত আক্রান্ত হৈ এইমছত ভর্তি হৈছিল। বৃহস্পতিবাৰে তেওঁৰ সুস্থতা কামনা কৰি এক টুইটত মোদীয়ে লিখিছে, ‘মই মনমোহনজীৰ সুস্বাস্থ্য আৰু দ্রুত সুস্থতা কামনা কৰিলোঁ।’
পিছত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ এইমছলৈ গৈ মনমোহনৰ স্বাস্থ্য আৰু চিকিৎসা সন্দৰ্ভত খবৰ লয়। চিকিৎসক নীতিশ নায়েকৰ নেতৃত্বাধীন হৃদৰোগ বিশেষজ্ঞৰ এটি দলে তেওঁৰ চোৱাচিতা কৰিছে। স্বাস্থ্যমন্ত্রীৰ সৈতে চিকিৎসকসকলৰ আলোচনা হোৱা বুলি হস্পিটেল সূত্রত প্ৰকাশ।