নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কোভিডত আক্রান্ত হৈছে ১৮ হাজাৰ ৯৮৭ জন। বুধবাৰে দেশত আক্রান্তৰ সংখ্যা আছিল ১৫ হাজাৰ ৮২৩। অর্থাৎ বুধবাৰৰ তুলনাত প্রায় ২০ শতাংশ বাঢ়িছে দৈনিক সংক্রমণ। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪০ লক্ষ ২০ হাজাৰ ৭৩০।
আক্রান্তৰ লগতে বাঢ়িছে দেশৰ দৈনিক মৃত্যুও। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ২৪৬ জন। দেশৰ মুঠ মৃত্যুৰ অর্ধেকেই হৈছে কেৰালাত (১২৩)। মহাৰাষ্ট্রতো দৈনিক মৃত্যু ৫০-ৰ আশেপাশে। এতিয়ালৈকে কৰোনা ভাইৰাছত দেশত প্রাণ হেৰুৱাইছে মুঠ ৪ লক্ষ ৫১ হাজাৰ ৪৩৫ জনে।
ইফালে বিগত ২৪ ঘণ্টাত প্রায় এক হাজাৰ কমি দেশত বৰ্তমান সক্রিয় ৰোগী আছে ২ লক্ষ ৬ হাজাৰ ৫৮৬ জন।
দেশৰ ভিতৰত আক্রান্তৰ সংখ্যা সকলোতকৈ বেছি কেৰালাত। বিগত কেইদিনমনত ৰাজ্যখনত আক্রান্তৰ সংখ্যা ১০ হাজাৰৰ তললৈ নামিলেও বৃহস্পতিবাৰে সেয়া পুনৰ ১১ হাজাৰ অতিক্রম কৰিছে। মহাৰাষ্ট্রত অৱশ্যে আঢ়ৈ হাজাৰৰ কমত আছে। তামিলনাডুত ১২০০ৰ ঘৰত আছে আক্রান্ত। পশ্চিমবঙ্গ আৰু ওড়িশাত আক্রান্ত ৬০০-৭০০ৰ ঘৰত আছে।