নিউজ ডেস্কঃ
এইবারৰে অৰুণাচল প্রদেশত উপৰাষ্ট্রপতি ভেঙ্কায়া নাইডুৰ ভ্ৰমণক লৈ আপত্তি জনালে চীনে। পিছে তাত গুৰুত্ব দিয়া নাই ভাৰতে। বৰং বিদেশ মন্ত্ৰালয়ে জনাই দিলে, অৰুণাচলৰ নিয়ন্ত্রণ ৰেখাত উত্তেজনা প্রশমনৰ ক্ষেত্রত যৌথ উদ্যোগক গুৰুত্ব দিয়ক চীনে। বিগত সপ্তাহত ভেঙ্কায়া নাইডু দুদিনৰ বাবে অৰুণাচল প্রদেশলৈ গৈছিল। শনিবাৰে ৰাজ্যখনৰ বিধানসভা অধিবেশনতো ভাষণ দিয়ে তেওঁ।
ইয়াৰ পিছতেই আপত্তি তোলে চীনে। চীনা বিদেশ মন্ত্ৰালয়ৰ ঝাও লিজিয়নে কয়, ‘চীন–ভাৰত সীমান্তৰ প্রশ্নত চীনৰ অৱস্থান স্পষ্ট। চীন চৰকাৰে কোনোদিনেই তথাকথিত অৰুণাচল প্রদেশক স্বীকৃতি দিয়া নাই। সেয়ে ইয়াত ভাৰতৰ কোনো নেতাৰ ভ্ৰমণৰ তীব্র বিৰোধী চীন।’ চীনৰ এই দাবী নস্যাৎ কৰিছে ভাৰতীয় বিদেশ মন্ত্ৰালয়ে। মুখপাত্র অৰিন্দম বাগচিয়ে স্পষ্টকৈ জনাইছে, অৰুণাচল প্রদেশ অখণ্ড ভাৰতৰ অংশ।
তেওঁ কয়, ‘অৰুণাচল প্রদেশ ভাৰতৰ অবিচ্ছেদ্য অংশ। এই প্রশ্নত কোনো আপোচ কৰা নহ’ব। এই ক্ষেত্রত চীনৰ আপত্তি আমি নাকচ কৰিছো।’ তেওঁ লগতে কয় যে ভাৰতীয় নেতাসকলে যেনেদৰে বিভিন্ন ৰাজ্য ভ্ৰমণ কৰে, তেনেদৰেই অৰুণাচলতো কৰিব। এই ক্ষেত্রত ভবিষ্যতেও কোনো আপত্তি গ্রাহ্য কৰা নহ’ব।