নিউজ ডেস্কঃ
টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ নতুন জাৰ্চি ইতিমধ্যে প্ৰকাশ কৰা হৈছে। বুধবাৰে উক্ত জাৰ্চি প্ৰকাশ কৰিছে ভাৰতীয় ক্রিকেট বোৰ্ডে। ইণ্টাৰনেটত বিৰাট কোহলী, ৰোহিত শর্মা, লোকেশ ৰাহুল, যশপ্রীত বুমৰাহ আৰু ৰবীন্দ্র জাডেজাক দেখা যায় নতুন জাৰ্চিত। তাৰ লগতে আৰু এখন ছবি দেখা যায়। ডুবাইৰ বুর্জ খালিফাত ভাৰতীয় দলৰ উক্ত জাৰ্চি পৰিহিত কোহলী বাহিনীক দেখা যায়।
২০২০ চনৰ শেষৰ ফালে ভাৰতীয় দলে যি জাৰ্চি পিন্ধিছিল তাৰ সৈতে মিল আছিল ১৯৯২ চনৰ ভাৰতীয় দলৰ জাৰ্চিৰ। এইবাৰ টি-২০ বিশ্বকাপৰ আগতে নতুন জাৰ্চি পালে ভাৰতীয় দলে। এতিয়া কোহলী বাহিনীৰ নতুন জাৰ্চি বুর্জ খালিফাত দেখি অবাক সমর্থকসকলো।
উল্লেখযোগ্য যে ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। যোগ্যতা অর্জন পৰ্যায়ৰ খেল আৰম্ভ হ’ব উক্ত দিনৰ পৰা। ভাৰতে প্ৰথম খেলত নামিব ২৪ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে। উক্ত মেচতেই প্রথম নতুন জাৰ্চি পিন্ধি খেলপথাৰত নামিব টিম ইণ্ডিয়া।
আনহাতে, এই বিশ্বকাপৰ পিছতেই টি-২০ ক্রিকেটত ভাৰতীয় দলৰ নেতৃত্ব এৰিব বিৰাট কোহলীয়ে।