নিউজ ডেস্কঃ
বৃহস্পতিবাৰেও জামিন নাপালে শ্বাহৰুখ-পুত্র আৰিয়ান খানে। ফলত সম্প্ৰতি তেওঁ থাকিব লাগিব জে’লতেই। আনহাতে, এই গোচৰটোৰ পৰৱর্তী শুনানি হ’ব অহা বুধবাৰ, ২০ অক্টোবৰত। সিমান দিনলৈ তেওঁ জে’লতেই থাকিব লাগিব।
শুনানিৰ সময়ত ড্ৰাগছ নিয়ন্ত্রণ সংস্থা (এনচিবি)ৰ অধিবক্তা অনিল সিঙৰ দাবী, প্রমোদতৰীত উক্ত পার্টিত আৰিয়ানে ড্ৰাগছ মাদক বিচাৰি পঠাইছিল। আন্তর্জাতিক ড্ৰাগছ চক্রৰ সৈতেও শ্বাহৰুখ-পুত্রৰ যোগাযোগ আছিল বুলি অনুমান কৰিছে তেওঁ। সেই বিষয়ত আৰু গভীৰলৈ গৈ তদন্ত কৰাৰ বাবে আৰিয়ানক জিম্মাতে ৰখাৰ আবেদন জনায় তেওঁ।
ইফালে আৰিয়ানৰ অধিবক্তা অমিত দেশায়ে কয়, ‘‘আৰিয়ানৰ পৰা একোৱেই পোৱা নাই। ফোনত কোনো প্রমাণ পোৱা নাই। সেয়ে তেওঁক আটক কৰি ৰখাৰ কোনো কাৰণ নাই।’’