নগাঁওঃ
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজাদিনটোত কালি নগাঁও চহৰৰ কমলাদেৱী তোদী ভৱনত আয়োজিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠানত অসম সাহিত্য সভাৰ কেইবাটাও বঁটা তথা সন্মান প্ৰদান কৰা হয় । অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আঁত ধৰা সন্মান প্ৰদান অনুষ্ঠানত বিশিষ্ট গৱেষক পণ্ডিত ড° নৰেন কলিতাক অসম সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ বিশেষ সন্মান হিচাপে “প্ৰজ্ঞাভূষণ” সন্মান প্ৰদান কৰে অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মাই।
এই সন্মানৰ বাবদ বিশিষ্ট গৱেষক গৰাকীক গামোচা, চেলেং, গ্ৰন্থৰ টোপোলা, স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হয় । অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত অসম সাহিত্য সভাৰ উত্তৰ আমেৰিকা শাখা সাহিত্য সভা ড° মাইলছ বন্সন বঁটা,২০২০ প্ৰদান কৰা হয় শংকৰী সংস্কৃতিৰ বিশিষ্ট পণ্ডিত তিলকচন্দ্ৰ মজুমদাৰক । বঁটা প্ৰদান কৰে সভাপতি ড° কুলধৰ শইকীয়া, প্ৰধান সম্পাদক যাদবচন্দ্ৰ শৰ্মা আৰু নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই । এই বঁটাত আছে গামোচা ,চেলেং, গ্ৰন্থৰ টোপোলা, স্মাৰক, মানপত্ৰ আৰু দহ হাজাৰ টকাৰ এখন চেক ।
অনুষ্ঠানত গোলাঘাট জিলা সাহিত্য সভাৰ বিষয়ববীয়া তথা সাংবাদিক দিগন্তকুমাৰ ভূঞা, কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰকুমাৰ ভাগৱতীক ২০১৮-২০ বৰ্ষৰ শ্ৰেষ্ঠ সংগঠকৰ বঁটা প্ৰদান কৰা হয় । ইয়াৰোপৰি হোজাই শাখা সাহিত্য সভা, ৰহাৰ সূৰ্যৱতী শাখা সাহিত্য সভা আৰু চিপাঝাৰ শাখা সাহিত্য সভাক ২০১৮-২০ বৰ্ষৰ শ্ৰেষ্ঠ শাখাৰ বঁটা প্ৰদান কৰা হয় । উল্লেখ্য যে এই বঁটাসমূহ ২০১৮-২০ বৰ্ষৰ কাৰ্যকালৰ বঁটা ।
অসম সাহিত্য সভাৰ শুৱালকুচি অধিৱেশনত এই বঁটা কেইটি ঘোষণা কৰা হৈছিল যদিও কোভিডৰ জটিল পৰিস্থিতিৰ বাবে অসম সাহিত্য সভাই প্ৰদান কৰিব পৰা নাছিল । সেয়ে কালি লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিনত অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদবচন্দ্ৰ শৰ্মাই এই বঁটা কেইটি প্ৰদান কৰে।