লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লামডিঙ ৰে’ল ষ্টেচনত পুৱাৰ ৮মান ভাগত ২নং প্লেটফৰ্মত অচিনাক্ত ডিঙি কাটা অৱস্থাত মৃতদেহ উদ্ধাৰ । ৰে’ললাইনৰ মাজত ডিঙি কটা মৃতদেহ উদ্ধাৰ কৰে লামডিঙ ৰে’লৱে পুলিচে । ০৫৯০১ নং উজনিমুৱা লামডিং তিনিচুকীয়া পেছেঞ্জৰ ট্ৰেইনৰ তলত পৰি ব্যক্তিজনৰ মৃত্যু হয়। ট্ৰেনৰ তলত পৰি ঘটনা সংঘটিত হয় । মৃত ব্যক্তিজনৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়া কল্পনা বিশ্বাস নামৰ এটিএম কাৰ্ড পোৱা গৈছে। মৃত ব্যক্তিজনৰ বয়স আনুমানিক 60 বছৰ। এতিয়ালৈ মৃত ব্যক্তিজনৰ পৰিয়ালৰ সন্ধান পোৱা নাই।