নিউজ ডেস্কঃ
অৱশেষত জামিন পালে আৰিয়ান খানে। বোম্বে হাইকোর্টে তাৰকা-পুত্ৰৰ জামিন আবেদন মঞ্জুৰ কৰে বৃহস্পতিবাৰে। দীপাৱলীৰ পূৰ্বেই সম্ভৱ ঘৰলৈ উভতিব পাৰে শ্বাহৰুখ খান আৰু গৌৰী খানৰ পুত্ৰ। আর্থাৰ ৰোড জে’লৰ পৰা তেওঁক ‘মন্নত’লৈ উভতাৰ অনুমতি দিলে আদালতে। উল্লেখ্য মঙ্গলবাৰ আৰু বুধবাৰে আৰিয়ানৰ জামিনৰ শুনানি অসমাপ্ত আছিল। তৃতীয় দিনত নিজৰ ৰায় শুনালে হাইকোর্টে।
যোৱা ২ অক্টোবৰত মুম্বাইৰ পৰা গোৱাগামী ক্ৰুইজৰ পৰা আটক কৰাৰ পিছত ৩ তাৰিখে আৰিয়ানক গ্রেপ্তাৰ কৰিছিল নাৰকোটিক্স কন্ট্রোল ব্যুৰোই (এনচিবি)। মুঠ দুবাৰ তেওঁৰ জামিন আবেদন নাকচ হয়।