মনোৰঞ্জনঃ
দীপাৱলীৰ সময়ছোৱাত আপোনাৰো মন আছে নেকি বাৰু অকণমান হাঁহিবলৈ? ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিকে ধৰি খাদ্য-সামগ্ৰীৰ আকাশলংঘী দাম পালেও কিন্তু মনোৰঞ্জন ক্ষেত্ৰখনত বৰ্তমানেও দেখিবলৈ পোৱা গৈছে সক্ৰিয়তা। ইটোৰ পিছত সিটো প্ৰকল্পৰ মুক্তিয়ে উৎসাহিত কৰিছে শ্ৰোতা-দৰ্শকক। বিগত সময়ত Niri9 ত আমি দেখিবলৈ পোৱা এখন বহু প্ৰত্যাশিত ৱেব চিৰিজৰ নাম আছিল “Illegal”। এই ৱেব চিৰিজখন পৰিচালনাৰ দায়িত্বত থকা পৰিচালক গৰাকী হৈছে সুব্ৰত কাকতি, এই পৰিচালকগৰাকীৰ পৰিচালনাৰে এইবাৰ আহি আছে আন এখন চিৰিজ “বিদুৰভাই”।
৫ নৱেম্বৰ তাৰিখে এই চিৰিজখনে মুক্তি লাভ কৰিব। ইতিমধ্যে ইয়াৰ মুক্তিপ্ৰাপ্ত ট্ৰেইলাৰে খলকনিৰ সৃষ্টি কৰিছে চচিয়েল মিডিয়াত। A Rootstock Entertainments Original ৰ বেনাৰত হাঁহি-ধেমালি আৰু ড্ৰামাৰ ভৰপূৰ সমাহেৰেৰে নিৰ্মিত এই চিৰিজখনৰ প্ৰযোজনা কৰিছে আৰহাজে। স্ক্ৰীপ্ট লিখিছে সুব আৰু জ্যোতিস্মান চেতিয়াই, সহকাৰী পৰিচালক জ্যোতিস্মান চেতিয়া। দৃশ্যগ্ৰহণ উত্তম কলিতাৰ। ইয়াত কেইবাগৰাকীও জনপ্ৰিয় আৰু বহুলভাৱে সমাদৃত অভিনেতা-অভিনেত্ৰীক দেখিবলৈ পোৱা যাব। অভিনয় কৰিছে ক্ৰমে চুমকি কছাৰী, পংকজ মহন্ত, উজ্জ্বল ৰাজখোৱা, নিতু খনিকৰ, বলীন বৰা, ত্ৰৈলোক্য বৰুৱা, স্নিগ্ধা ফুকন, আনন্দ বৰুৱা, উদ্দীপনা বৰুৱা, সৰ্মিষ্ঠা দাস আৰু কংগন শইকীয়াই।