ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজানৰ ৫ বছৰীয়া সুৰয়াঞ্চ থাপা ছেত্ৰীয়ে মাত্ৰ ৩ মিনিটত ৰাষ্ট্ৰীয় সংগীত জন গণ মন, দুটা ৰাইমচ, দুটা বলিউদৰ গীত দুয়োটা চকু বান্ধি পিয়ান’ত বজোৱাৰ বাবে ইণ্ডিয়া বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰি বোকাজানৰ লগতে সমগ্র কাৰ্বি আংলং জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ইণ্ডিয়া বুক অব ৰেকৰ্ডছৰ মুখ্য সম্পাদক বিশ্বৰূপ ৰয় চৌধুৰীৰ স্বাক্ষৰিত প্ৰমাণ-পত্ৰ, মেডেল, কলম, কিতাপ আৰু পৰিচয়পত্ৰ ইতিমধ্যে সুৰয়াঞ্চ থাপা ছেত্ৰীক প্ৰদান কৰিছে।
বোকাজানৰ বিকাশ ছেত্ৰী আৰু পুজা ছেত্ৰীৰ একমাত্ৰ পুত্ৰ সন্তান সুৰয়াঞ্চে মাতৃৰ তত্বাৱধানতে তিনি বছৰ বয়সৰ পৰাই পিয়ান’ শিকিবলৈ আৰম্ভ কৰি বৰ্তমান এই বিশেষ সফলতা বুটলিবলৈ সক্ষম হৈছে । সৰুৰে পৰা অতি তীক্ষ্ণ বুদ্ধিৰ সুৰয়াঞ্চে বৰ্তমান বোকাজানৰ অগ্ৰণী শিক্ষানুষ্ঠান বিদ্যাসাগৰ হাইস্কুলৰ ইউ কে জিৰ ছাত্ৰ । কণমানি ছাত্ৰগৰাকীৰ এই সফলতাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বোকাজানবাসী ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে কণমাণিগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।