নিউজ ডেস্কঃ
মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত নামদাং কলিয়ৰীত সংঘটিত এক বলৎকাৰৰ ঘটনা। দিপক থাপা নামে এজন ব্যক্তিয়ে পত্নী নথকাৰ সুযোগ লৈ খুলশালীক বলৎকাৰ কৰে। ভুক্তভোগী যুৱতী গৰাকীয়ে নিজ মুখে ঘটনা সন্দৰ্ভত বক্তব্য প্ৰদান কৰাত ৰাজহুৱা হৈ পৰে কথাটো।
ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে গোচৰ নং ২৯০/২০২১ ত গোচৰ পঞ্জীয়ন কৰি দিপক থাপাক জেললৈ প্ৰেৰণ কৰিছে। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি খুলশালী গৰাকীক অভিযুক্তই কামনাৰ বলি কৰি বিচাৰি আছিল। আনহাতে, স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যুৱতীগৰাকীৰ।