ষ্টাফ ৰিপ’ৰ্টাৰ
অসম চৰকাৰে এইবাৰৰ পৰা আৰম্ভ কৰিছে ৰাজ্যৰ শ্ৰেষ্ঠ অসামৰিক বঁটা প্ৰদানৰ ব্যৱস্থা। ইয়াৰে সৰ্বোচ্চ সন্মান হৈছে ‘অসম বৈভৱ’। তাৰ পিছৰ দুই সন্মান হৈছে ক্ৰমে ‘অসম সৌৰভ’ আৰু ‘অসম গৌৰৱ বঁটা’। শনিবাৰে এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে সবিশেষ জনোৱাৰ লগতে প্ৰথম বৰ্ষৰ বঁটা বিজয়ীসকলৰ নামো ঘোষণা কৰে।
অসম বৈভৱ বঁটাত থাকিব ৫ লাখ টকা আৰু বছৰি ২ লাখ টকাৰ চিকিৎসা খৰচ।
অসম সৌৰভ বঁটাত থাকিব ৪ লাখ টকা আৰু বছৰি ২ লাখ টকাৰ চিকিৎসা খৰচ। অসম সৌৰভ বঁটা প্ৰতিবছৰে তিনিগৰাকীকৈ লোকক দিয়া হ’ব।
অসম গৌৰৱ বঁটাত থাকিব নগদ ৩ লাখ টকা আৰু ২ লাখ টকাৰ চিকিৎসা ব্যয়।
প্ৰতিবছৰে মুঠ ১৯গৰাকী লোকক এই বঁটা প্ৰদান কৰা হ’ব। চলিত বছৰৰ বঁটা বিজয়ীসকলক অহা ২৪ জানুৱাৰীত এই বঁটা প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এই বছৰ বিভিন্ন বঁটাপ্ৰাপকসকল হৈছে :
অসম বৈভৱ বঁটা : ৰতন টাটা
অসম সৌৰভ বঁটা : কটন বিশ্ববিদ্যালয়ৰ প্ৰবক্তা কমলেন্দু দেৱ কুঁৱৰী, এনএইচএমৰ মিছন সঞ্চালক লক্ষ্মণ এছ, দীপক ছান, লাভলীনা বৰগোঁহাই, নীলপৱন বৰুৱা।
অসম গৌৰৱ বঁটা : স্বাস্থ্য বিভাগৰ সঞ্চালক মুনীন্দ্ৰ নাথ
• জিএমচিএইচৰ প্ৰবক্তা বসন্ত হাজৰিকা, আকাশজ্যোতি গগৈ, মনোজ কুমাৰ বসুমতাৰী, খৰচিং তেৰন।
• মিলিজুলি আত্মসহায়ক গোটৰ সদস্য ববী হাজৰিকা।
• গুণমালা, নামঘোষা গামোচাত খোদিত কৰোৱা হেমপ্ৰভা চুতীয়া।
• স্বাস্থ্য বিভাগৰ এএনএম নমিতা কলিতা।
• কোভিড টীকা ল’বলৈ সজাগতা সৃষ্টি কৰা বাবে বনিতা মমীন।
• অসমৰ ভোট জলকীয়াৰে অসমীয়া যুৱকৰ বাবে আদৰ্শ সৃষ্টি কৰা কৌশিক বৰুৱা।
• পোষণ অভিযানত বিশেষ ভূমিকা গ্ৰহণৰ বাবে কল্পনা বড়ো।
• বি বৰুৱা চিকিৎসা প্ৰতিষ্ঠানত ‘ব’ন মেৰু’ চিকিৎসাৰ বাবে ডাঃ আশ্বিক ইকবাল আৰু ধৰণীধৰ বড়ো।