![]()
গোলকগঞ্জ (Golakganj)ৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accidents)ত তিনি বাইক আৰোহীৰ শোকাৱহ মৃত্যু (Three bikers killed)। তিনি আৰোহী থকা AS-17-D-7445 নম্বৰৰ বাইকখনক হালাকুৰাৰ পৰা ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত AS-28-AC-1007 নম্বৰৰ আলট্ৰা ট্ৰাকখনে বিপৰীত দিশৰ পৰা খুন্দা মৰাৰ ফলত বাইক আৰোহী কেইজন থিতাতে নিহত হয়।

দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাক চালকে পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় আৰক্ষীয়ে আটক কৰে চালকগৰাকীক। মৃত যুৱক কেইজন পকালাগি তৃতীয় খণ্ড গাঁৱৰ জহিৰুল ইছলাম, কৈমাৰী প্ৰথম খণ্ড গাঁৱৰ নাসিৰ উদ্দীন আৰু বিদ্যাডাৱৰী দ্বিতীয় খণ্ড গাঁৱৰ নাচিৰ হুছেইন বুলি জানিব পৰা গৈছে।












