![]()
অৱশেষত আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ (Higher Secondary Result) কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। ঘোষিত ফলাফল অনুসৰি, বিজ্ঞান শাখাৰ শীৰ্ষ ১০ স্থানত জিলিকিছে ১৬ শিক্ষাৰ্থী। ইয়াৰে ভিতৰত শীৰ্ষস্থান দখল কৰিছে নিখিলেশ দত্তই। মুঠ ৫০০ নম্বৰৰ ভিতৰত লাভ কৰিছে ৪৮৪ নম্বৰ।

আনহাতে, দ্বিতীয় স্থান লাভ কৰিছে ক্ৰমে নগাঁৱৰ ৰামানুজন একাডেমীৰ অভিজিত ৰয়, বিশ্বজিত দাস আৰু ঋষভ উপাধ্যায়ে। কলা শাখাত শীৰ্ষ ১০ স্থানত উজলিছে ১৪ শিক্ষাৰ্থী। প্ৰথম স্থান দখল কৰিছে নগাঁও ৰামানুজন একাডেমীৰ সংকল্পজিত শইকীয়াই। তেওঁ মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৯০ নম্বৰ লাভ কৰিছে। আনহাতে, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে ক্ৰমে নগাঁও ৰামানুজনৰ দিয়া মহন্ত আৰু শ্ৰেয়া সৰকাৰে।

ইফালে বাণিজ্য শাখাত শীৰ্ষ ১০ স্থানত জিলিকিছে ১৪ গৰাকী শিক্ষাৰ্থী। ইয়াৰে ভিতৰত মুঠ ৪৭২ নম্বৰ লাভ কৰি প্ৰথম স্থান দখল কৰিছে কে চি দাস কমাৰ্চ কলেজৰ বৰ্ষা বোথৰা আৰু মলয়বাৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সুকন্যা কুমাৰে। দ্বিতীয় স্থানত নগাঁও শংকৰদেৱ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ জিলিক শ্বিলে।













