![]()
পত্নীৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক ( Illegal love affair)স্থাপন কৰিছিল। সেয়ে প্ৰতিশোধ ল’বলৈ স্বামীয়ে যুৱকজনৰ ডিঙি কাটি ৰক্তপান কৰে। কেৱল সেয়াই নহয়, অভিযুক্ত ব্যক্তিজনে সমগ্ৰ ঘটনাৰ ভিডিঅʼ কৰি বন্ধুক দিয়ে। কৰ্ণাটকৰ চিকবল্লাপুৰা জিলা (Karnataka’s Chikkaballapur) এনে এক নৃশংস ঘটনাৰ সাক্ষী হয়। এই ভিডিঅʼটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান আক্ৰান্ত ব্যক্তি আৰোগ্য লাভ কৰি ঘৰলৈ উভতিছে।









