![]()
হায়দৰাবাদত সক্ৰিয় হৈ আছে চীনা নেটৱর্ক। তাৰ বিৰুদ্ধে প্রায় ৭০০ কোটি টকা প্রতাৰণাৰ অভিযোগত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে(Rs 700 crore investment fraud run by Chinese handlers)। তদন্তকাৰীৰ অনুমান, লেবাননৰ হিজবুল্লা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত সংশ্লিষ্ট চীনা নেটৱৰ্ক। অনলাইনত বিনিয়োগ আৰু পার্ট টাইম চাকৰি দিয়াৰ জৰিয়তে কোটি কোটি টকা আত্মসাতৰ অভিযোগ।

তদন্তত নামি হায়দৰাবাদ আৰক্ষীয়ে জানিব পাৰিছে যে বিগত এবছৰ ধৰি দেশৰ হাজাৰ হাজাৰ লোকক প্রতাৰণা কৰি আহিছে সংস্থাটোৱে। দালালৰ মাধ্যমেৰে অনলাইন কাম কৰাৰ টোপ দিয়া হৈছিল। গুগল ৰিভিউত লেখা-মেলা, ইউটিউব ভিডিওত লাইক কৰাৰ দৰে সৰু সৰু কামৰ জৰিয়তে প্রচুৰ টকা উপাৰ্জনৰ সন্ধান দিয়া হৈছিল। এনেদৰে বছৰ ধৰি ব্যক্তিসকলক প্রতাৰণা কৰি আহিছে। লগতে ধন যোগান ধৰা হৈছিল সন্ত্ৰাসবাদী সংগঠনক।










