
বৃহস্পতিবাৰে পুৱা পঞ্জাবৰ কাপুৰথালাত (Kapurthala in Punjab) সংঘটিত এক গুলীচালনাৰ ঘটনাত এজন কনিষ্টবলৰ মৃত্যু (Constable’s death) হয়। আনহাতে, আহত হৈছে কমেও ৫ জন লোক (At least 5 people injured)। এই ঘটনাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১০জন লোকক (10 people arrested)।
এই আক্ৰমণৰ আঁৰত কোনো খালিস্তান সমৰ্থক উগ্ৰপন্থী সংগঠনৰ ভূমিকা সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে একো কোৱা নাই।

অৱশ্যে কাপুৰথালা প্ৰশাসনৰ এক সূত্ৰই জনোৱা মতে, গুৰুদ্বাৰ দখলক লৈ দুটা গোটৰ মাজত হোৱা বিবাদৰ বাবেই এই গুলীচালনা সংঘটিত হৈছে।
আৰক্ষীয়ে জনোৱা মতে, নিহাংগা জনগোষ্ঠীৰ অন্তৰ্গত শিখ গোটটোৱে গুলীচালনা কৰে। কাপুৰথালাৰ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) তেজবীৰ সিং হুণ্ডালে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, গুৰুদ্বাৰ দখল কৰাৰ বিবাদৰ বাবে পূৰ্বে তাত আৰক্ষী মোতায়েন কৰা হৈছিল। তেওঁ কয়, “গুৰুদ্বাৰৰ সন্মুখত ৰাস্তাত আৰক্ষী থিয় হৈ আছিল। নিহাংগাই তেওঁলোকৰ ওপৰত গুলীচালনা কৰে।”










