
সংসদ ভৱনৰ নিৰাপত্তা (Security of Parliament House) ভংগৰ সৈতে জড়িত কৰ্ণাটকৰ এজন যুৱকক গ্ৰেপ্তাৰ (Karnataka youth arrested)। বুধবাৰে নিশা কৰ্ণাটকৰ বাগালকোটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক। ইতিমধ্যে তেওঁক সোধা-পোছাৰ বাবে দিল্লীলৈ লৈ যোৱা হৈছে। সংবাদ মাধ্যমৰ তথ্য অনুসৰি, যুৱকজনৰ নাম সাইকৃষ্ণ জাগালী (Name is Saikrishna Jagali)। পেছাত তেওঁ অভিযন্তা। তেওঁ কৰ্ণাটকৰ এজন প্ৰাক্তন আৰক্ষী অধীক্ষকৰ পুত্ৰ বুলি জানিব পৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, যুৱকজন সংসদ গোচৰত গ্ৰেপ্তাৰ হোৱা মনোৰঞ্জন ডিৰ বন্ধু। সাইকৃষ্ণ আৰু মনোৰঞ্জনে বঙাইগাঁৱৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত একেলগে একেটা শ্ৰেণীতে অধ্যয়ন কৰিছিল। সূত্ৰ অনুসৰি, সংসদত অনুপ্ৰৱেশকাৰীক সোধা-পোছা কৰাৰ সময়তে সাইকৃষ্ণৰ নাম পোহৰলৈ আহে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, সাইকৃষ্ণই বৰ্তমান বাগালকোটৰ ঘৰৰ পৰাই কাম কৰি আছিল যদিও তেওঁ অন্য ঠাইত কৰ্তব্যৰত আছিল। বুধবাৰে নিশা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে সাৰইকৃষ্ণক। অৱশ্যে পৰিয়ালে দাবী কৰে যে সাইকৃষ্ণই একো ভুল কৰা নাই। যুৱকজনৰ ভগ্নী স্পন্দাই সংবাদ মাধ্যমৰ আগত কয়, “দিল্লী আৰক্ষী আহিছিল। মোৰ দাদাক জেৰা কৰা হ’ল। এই তদন্তত আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছো। দাদাই একো ভুল কৰা নাছিল। দাদা আৰু মনোৰঞ্জন আছিল ৰুমমেট। এতিয়া মোৰ দাদাই ঘৰৰ পৰাই কাম কৰে।”
উল্লেখযোগ্য যে লোকসভাৰ অধিবেশনৰ সময়ত সাগৰ শৰ্মা আৰু মনোৰঞ্জনে গেলেৰীৰ পৰা চেম্বাৰত জঁপিয়াই পৰে। তেওঁলোকৰ হাতত আছিল ৰং বোমা। তাৰ পৰা তেওঁলোকে চাৰিওফালে হালধীয়া ধোঁৱা বিয়পাই দিয়ে। অৱশ্যে কেইমিনিটমানৰ ভিতৰতে তেওঁলোকক ধৰি নিৰাপত্তাৰক্ষীৰ হাতত গতাই দিয়ে।











