
বোৱাৰীগৰাকীয়ে বিয়ালৈ যাবলৈ পোছাক পিন্ধিছিল। তাৰ পূৰ্বে তেওঁ গাখীৰ গৰম কৰিবলৈ পাকঘৰলৈ গৈছিল। নতুন ঘৰ। পোহৰৰ ব্যৱস্থা ভালদৰে হোৱা নাছিল। যাৰ বাবে শাহুৱেকক চাকি আনিব দিছিল। কিন্তু অলপ পিছতে খবৰ ওলাল যে তেওঁৰ শাৰীত জুই লাগি দুৰ্ঘটনা সংঘটিত হৈছে। তেওঁক বচাব পৰা নগ’ল।
এয়া ১৯৯৮ চনৰ ঘটনা। সোমবাৰে কেৰালা উচ্চ ন্যায়ালয়ে (Kerala High Court) এনে ঘটনা সম্পৰ্কীয় এটা গোচৰত ইয়াৰ ৰায় প্ৰদান কৰে।

গোচৰটোত মৃত বোৱাৰীগৰাকীৰ স্বামী আৰু শাহুৱেকক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল। যৌতুকৰ দাবীৰ গোচৰ এটাও পঞ্জীয়ন কৰা হৈছিল। মৃত বোৱাৰীগৰাকীৰ স্বামী আৰু শাহুৱেকৰ বিৰুদ্ধে ধাৰা ৪৯৮এ প্ৰয়োগ কৰা হৈছিল। কিন্তু আদালতে কয় যে মহিলাৰ বিৰুদ্ধে হিংসা সংঘটিত হ’লেই ধাৰা ৪৯৮এ প্ৰয়োগ কৰিব নোৱাৰি। তাৰ বাবে তেওঁক প্ৰমাণৰ প্ৰয়োজন।
গোচৰটোৰ শুনানি উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠত হয়। আদালতে কয় যে হিংসা সংঘটিত হোৱা বুলি প্ৰমাণ আদালতত উপস্থাপন কৰিব লাগে। কিন্তু দেখা গৈছে যে ঘটনাটোৰ পূৰ্বে অভিযোগকাৰীসকলৰ দ্বাৰা অত্যাচাৰ বা হিংসাৰ কোনো অভিযোগ উত্থাপন কৰা হোৱা নাছিল। মৃত্যু হোৱা ব্যক্তিগৰাকীয়ে তেওঁৰ স্বামী বা শাহুৱেকক তেওঁৰ জীৱনকালত যৌতুক দাবী কৰা বা অত্যাচাৰ কৰাৰ অভিযোগ কৰা নাছিল।
গোচৰটোৰ অভিযুক্তজনক শ্ৰীকুমাৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁ ১৯৯৫ চনত মৃতকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ভুক্তভোগীৰ পৰিয়ালৰ মতে, তেওঁৰ স্বামী আৰু শহুৰেকে তেওঁলোকৰ বিবাহৰ পিছৰে পৰা নতুন ঘৰ এটা নিৰ্মাণ কৰিবলৈ তেওঁলোকৰ জীয়েকৰ পৰা ধনদাবী কৰি আহিছিল। সেই কথাত সন্মত নোহোৱাত অত্যাচাৰ আৰু উৎপীড়ন কৰা হয়।
অত্যাচাৰ সহ্য কৰিব নোৱাৰি যুৱতীগৰাকীয়ে নিজৰ শৰীৰত কেৰাচিন তেল ঢালি আত্মহত্যা কৰে। তেওঁলোকে শ্ৰীকুমাৰ আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। বিচাৰ আদালতে শ্ৰীকুমাৰ আৰু তেওঁৰ মাতৃক ধাৰা ৪৯৮এ ৰ অধীনত দোষী সাব্যস্ত কৰে। অৱশ্যে কেৰালা উচ্চ ন্যায়ালয়ে এই আদেশ বাতিল কৰে।












